মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গহপুৰৰ কৰৈআতিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে কৃষি ভূমি।

গহপুৰৰ কৰৈআতিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে কৃষি ভূমি।

News18 Assam | News18-Assam
Updated:June 29, 2021, 9:53 AM IST
গহপুৰৰ কৰৈআতিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে কৃষি ভূমি।
২০২০ চনত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱণ্টিত পুঁজিৰে পাৰ্কুপাইন বহুৱাই খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস কৰা হৈছিল যদিও খহনীয়া অন্য স্থানলৈ সম্প্ৰসাৰিত হোৱাত খহনীয়া সমস্যাৰ সমাধান নহ'ল।

২০২০ চনত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱণ্টিত পুঁজিৰে পাৰ্কুপাইন বহুৱাই খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস কৰা হৈছিল যদিও খহনীয়া অন্য স্থানলৈ সম্প্ৰসাৰিত হোৱাত খহনীয়া সমস্যাৰ সমাধান নহ'ল।

  • Share this:
গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ নৈপৰীয়া ৰাইজৰ বাবে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এক জলন্ত সমস্যাত পৰিণত হৈছে। প্ৰতি বছৰে  ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াই ক্ৰমশঃ সংকুচিত কৰি আনিছে নৈপৰীয়া ৰাইজৰ কৃষি ভূমি। আগ্ৰাসী ৰূপ ধাৰণ কৰা খহনীয়াই বহু পৰিয়ালৰ ঘৰ-বাৰীৰ প্ৰতিও তীব্ৰ ভাবুকি সৃষ্টি কৰিছে।

শেহতীয়াকৈ মহকুমাটোৰ দক্ষিণাঞ্চলৰ লোহিতমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰৈআতি গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে এলেকাটোৰ ৰাইজ।কৰৈআতি এলেকাৰ ভুক্তভোগী ৰাইজে কয় যে পাঁচ বছৰ ধৰি কৰৈআতি এলেকাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। ২০২০ চনত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱণ্টিত পুঁজিৰে পাৰ্কুপাইন বহুৱাই খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস কৰা হৈছিল যদিও খহনীয়া অন্য স্থানলৈ সম্প্ৰসাৰিত হোৱাত খহনীয়া সমস্যাৰ সমাধান নহ'ল। বৰ্তমান খহনীয়াৰ কাল ৰূপ অব্যাহত থকাত এফালৰ পৰা কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত এলেকাটোৰ কৃষিজীৱী ৰাইজে মূৰে- কপালে হাত দিব লগা হৈছে।

তদুপৰি খহনীয়াৰ তাণ্ডৱ অব্যাহত থকাত অদূৰ ভবিষ্যতে নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰীও  ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা বাঢ়িছে। গৰাখহনীয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে প্ৰতি বছৰেই সৰ্বস্বান্ত কৰি অহা এলেকাটোৰ ৰাইজে অনতিপলমে খহনীয়া তথা বান প্ৰতিৰোধৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষক  দাবী জনাইছে।
Published by: Manjumoni Borah
First published: June 29, 2021, 9:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি