ব্ৰাহ্মণ সমাজক লৈ কটু মন্তব্য কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে গৰজি উঠিছে অসম যুৱ ব্ৰাহ্মণ সমাজ। মঙলদৈত অসম যুৱ ব্ৰাহ্মণ সমাজৰ কাৰ্যকৰী সভাপতি জয়ন্ত কুমাৰ শৰ্মাই কয় – ‘‘মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ কৰক, জে’ললৈ প্ৰেৰণ কৰক। ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে থানাই থানাই দাখিল কৰিম গোচৰ। তেওঁ সন্ত্ৰসবাদী নেকি তেওঁ যে হত্যাৰ ভাবুকি দিছে। অসমৰ সমাজ জীৱনত ভাবুকি কঢ়িয়াই আনিছে তেওঁ। যদি ক্ষমা নোখোজে তেওঁ জানিব ব্ৰাহ্মণ, গোঁসাই, মহন্তসকলে তেওঁৰ ৰাজনৈতিক জীৱনলৈ কেনেকৈ ধুমুহা আনিব পাৰে।’’
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ।
দুদিনৰ ভিতৰত ক্ষমা খোজাৰ দাবী, অন্যথা অসম জুৰি আন্দোলন কৰিব অসম ব্ৰাহ্মণ সমাজে। জয়ন্ত কুমাৰ শৰ্মাই কয় যে তেওঁৰ বক্তব্যত তেওঁৰ স্বৰূপ ওলাই পৰিছে। BJP ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰাহ্মণ সমাজৰ প্ৰশ্ন – তেওঁলোকৰ ব্ৰাহ্মণ–মহন্তৰ বিৰুদ্ধে গোপন এজেণ্ডা আছে নেকি ব্ৰাহ্মণ মহন্তক বেয়া পোৱা আৰু সেইটো ৰমাকান্ত দেউৰীৰ মুখেৰে ওলাই গ’ল নেকি? বিধায়কগৰাকীৰ মন্তব্যৰ পিছতেই আমাৰ এতিয়া বাহিৰত ওলাবলৈ ভয় লগা হৈছে বুলিও মন্তব্য কৰে জয়ন্ত কুমাৰ শৰ্মাই।
"এই মন্তব্য এগৰাকী জনপ্ৰতিনিধিৰ মুখত শোভা নাপায়। যাৰ কাৰণে আমি লাজ পাইছো। তেওঁ যেনেদৰে ব্ৰাহ্মণ, গোঁসাই, মহন্ত সকলৰ বিৰুদ্ধে কৰা মন্তব্যৰ কাৰণে আমি ধিক্কাৰ দিছো, জাতি–মাটিৰ কথা কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এইগৰাকী বিধায়কৰ বিধায়ক পদ খাৰিজ কৰক, আৰু ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা লওঁক চৰকাৰে" – এই দাবী ব্ৰাহ্মণ সমাজৰ দৰং জিলা সমিতিৰসম্পাদক চিত্ৰৰঞ্জন শৰ্মাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|