BTR চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে পূৰ্বৰ NDFB-Sৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ BTR চৰকাৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে৷ বসুমতাৰী বি আৰ ফেৰেংগা নামেৰে বিগত সময়ত স্বাধীন বড়োলেণ্ডৰ বাবে সশস্ত্ৰ সংগ্ৰাম কৰিছিল৷
News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰঞ্জিত বসুমতাৰীয়ে কয়- “পৰেশ বৰুৱাক চৰকাৰে মৰ্যাদাসহকাৰে আলোচনাৰ কথা ক'লে, মই বিশ্বাস কৰো যে তেওঁ আলোচনাৰ মেজলৈ আহিব৷ এইক্ষেত্ৰত চৰকাৰে গুৰুত্বসহকাৰে আগবাঢ়িব লাগিব৷ তেওঁ আলোচনাৰ বিৰোধী বুলি মই বিশ্বাস নকৰো৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবেই সংগ্ৰাম অব্যাহত ৰাখিছে তেওঁ৷ সেই বিষয়ত চৰকাৰে গুৰুত্ব দিলে নিশ্চয় সমস্যাৰ সমাধান হ'ব৷”
পৰেশ বৰুৱাৰ সন্দৰ্ভত পূৰ্বৰ NDFB-Sৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ BTRৰ কাৰ্যবাহী সদস্য বসুমতাৰীয়ে কয়- “আমি এটা সময়ত একেলগে সশস্ত্ৰ সংগ্ৰাম কৰিছিলো৷ তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব৷ এজন সংগ্ৰামী নেতাৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় থাকিব৷”
ইপিনে বিগত বৰ্ষৰ ২৭ জানুৱাৰীত BTR চুক্তি স্বাক্ষৰ হোৱাৰ পিছত বড়োভূমিত আৰু বড়ো-অবড়োৰ মাজত সংঘাত নাথাকিব বুলি মন্তব্য কৰে ৰঞ্জিত বসুমতাৰীয়ে৷ বসুমতাৰীয়ে কয়- “দেশ স্বাধীন হোৱাৰে পৰা আমাৰ অঞ্চলতো অনগ্ৰসৰ আছিল৷ চৰকাৰী সা-সুবিধা পোৱা নাছিল৷ এই অঞ্চলক লৈ বহু ৰাজনীতি হ'ল৷ বহুতেই বিভাজনৰ ৰাজনীতি কৰিলে৷ BTR চুক্তিৰ পিছত আৰু সেই বিভাজনৰ ৰাজনীতি আমি হ'বলৈ নিদিও৷ এই অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীক একেলগে লৈ আমি কাম কৰিম৷ সম-উন্নয়নে আমাৰ চৰকাৰৰ মূল–মন্ত্ৰ৷ ইয়াত কোনো জাতি-জনগোষ্ঠীৰ লোক বাদ নপৰে৷ ইয়াত কোনো শংকিত হোৱাৰ প্ৰয়োজন নাই৷”
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 24, 2021, 10:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।