পুনৰ ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰিয় হৈ পৰিছে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ BTR ত BPF দলক পুনৰ জাগৃত কৰি তোলাৰ বাবে অংশ লৈছে ইটোৰ পাচত আনটো পদযাত্ৰা আৰু ৰাজহুৱা সভাত যেন পুনৰ অপ্ৰতিৰোধ্য হৈ ওলাই আহিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷
হাগ্ৰামা মহিলাৰীৰ স্পষ্ট ঘোষণা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিপিএফ দলে অকলে প্ৰতিদ্বন্দিতা কৰিব ৷ বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ কোনো দলৰে সৈতে নকৰে মিত্ৰতা ৷ অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াব কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিত ৷ দল হিচাপে বিজয়ী হব লোকসভা নিৰ্বাচনত ৷ আজি বাক্সা জিলাৰ শালবাৰীত দুটা স্থানত পদযাত্ৰা কৰাৰ লগতে অংশগ্ৰহণ কৰে ৰাজহুৱা সভাত ৷
ন উদ্যমেৰে ওলাই অহা মহিলাৰীয়ে উপস্থিত ৰাইজক সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷ লগতে বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ বিগত তিনি বছৰত বিটিচি অঞ্চলৰ একো পৰিৱৰ্তন হোৱা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ পকেটৰহে পৰিৱৰ্তন হোৱা বুলি কটাক্ষ কৰে ৷ মহিলাৰীয়ে সমাগত লোকসভা নিৰ্বাচনত ৰাইজে ৰাজনৈতিক পট পৰিৱৰ্তন কৰিব বুলিও কয় ৷ আজিৰ পদযাত্ৰাত বিপিএফৰ জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীৰ লগতে প্ৰায় সহস্ৰাধিক বিপিএফ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 19, 2023, 00:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।