ক্ষমতা লাগিবই লাগিব ৷ ক্ষমতা অবিহনে যেন অচল BPF ৷ এই হিচাপত ক্ষমতাত যিয়েই নাথাকক কিয়, সেই দলৰ সৈতে থাকে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF ৷ এই কথা সততে স্বীকাৰো কৰি আহিছে বড়োভূমিত সোতৰে বছৰে শাসন কৰা হাগ্ৰামা মহিলাৰীয়ে ৷ বিগত পৰিষদীয় নিৰ্বাচনত বড়োভূমিৰ শাসনৰ বাঘজৰীডাল এৰিবলগীয়া হোৱাত এতিয়া ক্ষমতাহীন হাগ্ৰামাৰ BPF ৷
শাসকীয় BJPৰে মিত্ৰতা কৰাৰ স্বাৰ্থত শেহতীয়াকৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFএ ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈছে ৷ BPFৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, আসন্ন উপ নিৰ্বাচনত শাসকীয় BJPৰে মিত্ৰতাৰ স্বাৰ্থত উপ নিৰ্বাচনত ৱাক-অভাৰ দিব BPFএ ৷ এই হিচাপত আসন্ন ছটা বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচনৰ এটাতো প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈ BJP নেতৃত্বাধীন মিত্ৰজোঁটক ৱাক-অভাৰ দিব BPFএ ৷
সমান্তৰালকৈ BTRৰ উপ–মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা পদত্যাগ কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ অংশ হ'বলৈ সাজু হৈছে এসময়ৰ বিদ্ৰোহী নেতা গোবিন্দ বসুমতাৰী ৷
BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ মতে ক্ষমতা অবিহনে থাকিব নোৱাৰে হাগ্ৰামা মহিলাৰী৷ সেয়ে BJPৰ সৈতে মিত্ৰতা বিচাৰি আছে হাগ্ৰামা মহিলাৰীয়ে ৷ জানিব পৰা মতে, গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব UPPLএ ৷
ইয়াৰ লগতে চৰ্চা চলি আছিল যে ওদালগুৰিৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰি BTRৰ উপ মুখ্য কাৰ্যবাহী পদতেই কাৰ্যনিৰ্বাহ কৰি যাব গোবিন্দ বসুমতাৰীয়ে। কিন্তু সম্প্ৰতি সিদ্ধান্ত সলনি হৈছে। UPPL তথা BTRৰ মুৰব্বী প্ৰমোদ বড়োৱে সদৰী কৰা মতে, ওদালগুৰিত বিধায়ক জয়ী হৈ আহিছে ৷ ওদালগুৰিৰ পৰিষদীয় সমষ্টিতহে হ'ব উপ-নিৰ্বাচন ৷
প্ৰমোদ বড়োৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে BTRৰ Dy CEM পদবী এৰিব গোবিন্দ বসুমতাৰীয়ে৷ ইয়াৰ বিপৰীতে ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পাই সংস্থাপিত হ'বলৈহে আগবাঢ়িছে এসময়ৰ বিদ্ৰোহী নেতা গোবিন্দ বসুমতাৰীয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|