ক্ৰমাত্ দুৰত্ব বাঢ়িছে মিত্ৰ দল বিজেপি আৰু বিপিএফৰ মাজত। এতিয়া সুবিধা পালেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় ইজনে আনজনক।
ক্ৰমাত্ দুৰত্ব বাঢ়িছে মিত্ৰ দল বিজেপি আৰু বিপিএফৰ মাজত। এতিয়া সুবিধা পালেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় ইজনে আনজনক।
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ক্ৰমাত্ দুৰত্ব বাঢ়িছে মিত্ৰ দল বিজেপি আৰু বিপিএফৰ মাজত। এতিয়া সুবিধা পালেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় ইজনে আনজনক।
তাৰ মাজতে এতিয়া বিস্ফোৰণ ঘটাইছে বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ৰখেশ্বৰ ব্ৰহ্মই। ব্ৰহ্মই কয় যে, ২০২১ৰ নিৰ্বাচনৰ বাবেও এতিয়া সাজু হৈছে বিপিএফ। বিজেপিৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ বিপিএফে বিটিচিৰ বাহিৰত সাংগঠনিক তৎপৰতা চলাইছে।’
প্ৰাক্তন বিধায়কজনে লগতে কয় যে, ‘শীঘ্ৰে বিপিএফৰ তিনিজন মন্ত্ৰী চৰকাৰ পৰা ওলাই আহিলেই বিজেপিৰে মিত্ৰতা ভাঙিব ৷ ২১ৰ নিৰ্বাচনত বিপিএফ দলে ৩৮টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব। বিটিচিত ১২খন আৰু বিটিচিৰ বাহিৰত ২৬টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিজেপিৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব বিপিএফ দলে। বিজেপিৰ সৈতে থকা মিত্ৰতা প্ৰায় ভঙাৰ দৰেই হৈছে। কাৰণ বিজেপিয়ে আজি পাহৰি গ’ল, বিপিএফে কেনেকৈ সহায় কৰিছিল ২০১৬ৰ নিৰ্বাচনত ৷ বিটিচিৰ ৩২ লাখ মানুহক নেতৃত্ব দিয়া হাগ্ৰামা মহিলাৰীক বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰা অপমান, তাচ্ছিল্য আমি সহ্য নকৰো।’
ৰখেশ্বৰ ব্ৰহ্মই লগতে কয় যে, ‘ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব আৰু মন্ত্ৰী ভৱেশ কলিতাই হাগ্ৰামা মহিলাৰীক মানসিক আৰু শাৰিৰীক ভাবে হাৰাশাস্তি কৰিছে। আমাক কৰা অপমানত আমি দুখ পাইছো। আমি সুবিধাবাদীৰ দল। ২০২১ত বিজেপিক বাদ দি এআইইউডিএফ, কংগ্ৰেছ, এজেপি, ৰাইজৰ দল, যিয়েই সংখ্যাগৰিষ্ঠতা পাব সেই দলৰ লগত থাকিব বিপিএফ দল। কিন্তু বিজেপিৰ লগত আৰু কোনো ধৰণৰ মিত্ৰতা নহব।’
‘বিজেপিয়ে আমাক যেনেকৈ মানসিক নিৰ্যাতন কৰিছে সেয়া আমি পাহৰি নাযাও। হাগ্ৰামাৰ বাহিৰে কোনেও বিটিচিৰ মুৰব্বী হ’ব নোৱাৰে৷ হাগ্ৰামা মহিলাৰীক আমি আৰু ১৫ বছৰ বিটিচিৰ মুৰব্বী বনাম।’- এনেদৰে কয় বিপিএফৰ জ্যেষ্ঠ নেতাজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|