• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘নৱ শৰণীয়া BPFৰ বাবে ফেক্টৰ, সেয়েহে BPFৰে UPPLৰ চামিলকৰণ বিচাৰিছো’

‘নৱ শৰণীয়া BPFৰ বাবে ফেক্টৰ, সেয়েহে BPFৰে UPPLৰ চামিলকৰণ বিচাৰিছো’

মন্তব্য সাংসদ বিশ্বজিত দৈমাৰীৰ

মন্তব্য সাংসদ বিশ্বজিত দৈমাৰীৰ

মন্তব্য সাংসদ বিশ্বজিত দৈমাৰীৰ

  • Share this:
    বিজু কুমাৰ ডেকা: BPF দলৰে UPPLৰ চামিলকৰণৰ চৰ্চা চলি আছে ৷ ”BPFৰ লগত UPPL চামিল হ'লে ৰাজ্যসভাৰ আসনত ইউ জি ব্ৰক্ষ্মক প্ৰেৰণ কৰিব ৷ এয়া BPF দলৰ সিদ্ধান্ত”- এই কথা দেওবাৰে সদৰি কৰিলে BPFৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ৷

    শেহতীয়াকৈ BPF দলত সংঘাত হোৱা বুলি প্ৰচাৰ হোৱা বাতৰি প্ৰসংগত ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে ৷ সেয়ে দলৰ কাৰ্যকৰী সভাপতি হিচাপে দৈমাৰীয়ে সদৰি কৰে যে BPF দলত কোনো সংঘাত নাই ৷

    “ৰাজ্যসভাৰ আসন বা দলৰ সভাপতি বা BTCৰ মূৰব্বী লৈ কোনো মতানৈক্য নাই”- এনেদৰে স্পষ্টীকৰণ দি BPFৰ কাৰ্যকৰী সভাপতি বিশ্বজিত দৈমাৰীয়ে কয় UPPLৰ লগত মিত্ৰতা লৈ চৰ্চা চলি আছে ৷ লগতে দৈমাৰীয়ে ক'লে- “BTCৰ পৰিষদীয় নিৰ্বাচন পূৰ্বে আমি UPPLৰ চামিলকৰণ বিচাৰিছো ৷”

    ইপিনে সাংসদ নৱ শৰণীয়াক বৰ্তমান BTADৰ ৰাজনীতিত ফেক্টৰ বুলি প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰে BPFএ ৷ দলৰ কাৰ্যকৰী সভাপতি বিশ্বজিত দৈমাৰীয়ে ক'লে, “নৱ কুমাৰ শৰণীয়া দুবাৰকৈ লোকসভাৰ সাংসদ হিচাপে জিকিছে ৷ তাক স্বীকাৰ কৰিবই লাগিব ৷”

    BTCৰ পৰিষদীয় সমষ্টিবোৰতো নৱ কুমাৰ শৰণীয়াৰ প্ৰভাৱ আছে আৰু সেয়ে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সেয়ে বড়ো দলসমূহ একত্ৰিত কৰিবলৈ BPFএ চেষ্টা অব্যাহত ৰাখিছে ৷
    First published: