‘বিজেপি মুৰ্দাবাদ’, ‘হিমন্ত বিশ্ব মুৰ্দাবাদ’ ধ্বনিৰে বিপিএফে উত্তাল বাক্সাৰ ৰাজপথ

News18 Assam | News18-Assam
Updated:October 1, 2020, 12:01 PM IST
‘বিজেপি মুৰ্দাবাদ’, ‘হিমন্ত বিশ্ব মুৰ্দাবাদ’ ধ্বনিৰে বিপিএফে উত্তাল বাক্সাৰ ৰাজপথ
বিটিচিত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত দিনে–নিশাই অব্যাহত আছে বিপিএফ দলৰ প্ৰতিবাদী কাৰ্যসূচী।

বিটিচিত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত দিনে–নিশাই অব্যাহত আছে বিপিএফ দলৰ প্ৰতিবাদী কাৰ্যসূচী।

  • Share this:
বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ' ল বিটিচিৰ নাগ্ৰিজুলী পৰিষদীয় সমষ্টি৷ বিটিচিত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত দিনে–নিশাই অব্যাহত আছে বিপিএফ দলৰ প্ৰতিবাদী কাৰ্যসূচী। বুধবাৰে বিটিচিৰ নাগ্ৰিজুলী সমষ্টিৰ কাউলীৰ লগতে দৰঙাজুলি সমষ্টিৰ জামুগুৰিত বিপিএফ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰক, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি গ’ বেক, গণতন্ত্ৰ ৰক্ষা কৰক আদি শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ।

বিটিচিৰ ২৭নং নাগ্ৰিজুলী সমষ্টিৰ কাউলীত টৰ্চ লাইট সমদল৷ সমদলত বিপিএফৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন বালা বিশ্বাসৰ লগতে বিপিএফ দলৰ বহু কৰ্মকর্তাই অংশগ্ৰহণ কৰে।

আনফালে বাক্সা জিলাৰ মুছলপুৰ, বাগানপাৰা, দিহিৰা, শালবাৰীতো বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে জোঁৰ সমদল উলিয়ায়৷
Published by: Sanjay Kumar Das
First published: October 1, 2020, 12:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি