• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হ'ব হাগ্ৰামাৰ BPF, আনুষ্ঠানিক ঘোষণা শীঘ্ৰে

BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হ'ব হাগ্ৰামাৰ BPF, আনুষ্ঠানিক ঘোষণা শীঘ্ৰে

গোসাঁইগাঁৱত হাগ্ৰামা আৰু তামুলপুৰত প্ৰমোদ হ'ব পাৰে উপ–নিৰ্বাচনৰ প্ৰাৰ্থী

গোসাঁইগাঁৱত হাগ্ৰামা আৰু তামুলপুৰত প্ৰমোদ হ'ব পাৰে উপ–নিৰ্বাচনৰ প্ৰাৰ্থী

গোসাঁইগাঁৱত হাগ্ৰামা আৰু তামুলপুৰত প্ৰমোদ হ'ব পাৰে উপ–নিৰ্বাচনৰ প্ৰাৰ্থী

  • Share this:

BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হ'ব হাগ্ৰামা মহিলাৰীৰ BPF ৷ শনিবাৰৰ নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে হৈছিল হাগ্ৰামা মহিলাৰীৰ বৈঠক ৷ বৈঠকত BPFক মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত ৷ আনুষ্ঠানিক সিদ্ধান্ত শীৰ্ঘে ঘোষণা কৰিব ৷


এই বৈঠকত উপ-নিৰ্বাচনত গোসাঁইগাঁও সমষ্টিত BPFয়ে প্ৰাৰ্থিত্ব দিব বিচাৰি প্ৰস্তাৱ দিয়ে ৷ বন্ধুত্বমূলকভাৱে BPFয়ে দিব বিচাৰিছে প্ৰাৰ্থিত্ব ৷ ইয়াৰ বিপৰীতে ভৱানীপুৰত BJPক সমৰ্থন দিব BPFয়ে ৷ লগতে তামুলপুৰত UPPLক সমৰ্থন দিব BPFয়ে ৷


ইপিনে তামুলপুৰত UPPL আৰু গোসাঁইগাঁৱত BPF প্ৰাৰ্থীক লৈ বৃহৎ অংক আৰম্ভ হৈছে  ৷ মহাজোঁটৰ অংশীদাৰ হোৱাৰ সময়ত BPFক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া দুটা সূত্ৰৰ মতেই এতিয়া সকলো আগবাঢ়িছে বুলি জানিব পৰা গৈছে ৷ এই হিচাপত UPPLৰ সৈতে মিত্ৰজোঁটৰ অংশীদাৰ হ'বলৈ হ'লে BPFয়ে মানিব লাগিব বিগ ব্ৰাডাৰ BJPৰ চৰ্ত ৷ এই চৰ্ত UPPLয়েও মানি চলিব লাগিব ৷


জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰ সূত্ৰ মতে ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনত তামুলপুৰত UPPLৰ প্ৰাৰ্থী হ'ব পাৰে প্ৰমোদ বড়ো ৷ গোঁসাইগাঁৱত BPFৰ প্ৰাৰ্থী হ'ব পাৰে হাগ্ৰামা মহিলাৰী ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্লুপ্ৰিণ্ট মতে হ'ব সকলো ৷

Published by:Gautam Barman
First published: