সমাগত লোকসভা নিৰ্বাচন। সাজু হৈছে শাসক-বিৰোধী সকলো দল। পিছপৰি ৰোৱা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল। বড়োলেণ্ড পিপলছ ফ্ৰন্ট চমুকৈ বিপিএফ দলে আগন্তুক লোকসভা নিৰ্বাচনত দুটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে।
বিপিএফ দলে কোকৰাঝাৰ আৰু মঙলদৈ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব। NEWS18ক এই কথা জনালে বিপিএফৰ বিধায়িনী দলৰ নেতা দুৰ্গাদাস বড়োৱে। বিগত আঢ়ৈ বছৰ বিটিআৰত প্ৰমোদ বড়োৱে অপশাসন চলাইছে বুলি উল্লেখ কৰি প্ৰমোদ বাহিনীয়ে লুণ্ঠন চলোৱা বিটিআৰৰ দায়িত্ব ল'বলৈ এই মুহূৰ্তত সম্পূৰ্ণ ৰূপে সাজু আছে বিপিএফ।
মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰীক দুই এদিনত সেই দায়িত্ব দিলে দলটোৱে ল'ব, অন্যথা নিৰ্বাচনলৈ বাট চাব। এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কলাইগাঁও সমষ্টিৰ বিপিএফ বিধায়ক দুৰ্গাদাস বড়োৱে। বিপিএফৰ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ গ্ৰেপ্তাৰক এক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে দুৰ্গাদাস বড়োৱে। বিধানসভাৰ মজিয়াত শাসকীয় পক্ষৰ সৈতে মিত্ৰতাত থাকিলেও বিপিএফ এইপৰ্যন্ত এনডিএ অথবা ইউপিএত নাই। সেয়ে দলটোৱে কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|