মুখ্যপৃষ্ঠা »খবৰ »অসম »শৰণীয়া কছাৰীৰ জনজাতীয় মৰ্যদা কৰ্তনৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ সন্তুষ্টি BPF নেত্ৰী মালতী ৰাণী নাৰ্জাৰীৰ; সাংসদ নৱ শৰণীয়াই মিছাৰ আশ্ৰয় লোৱা বুলিও মন্তব্য

শৰণীয়া কছাৰীৰ জনজাতীয় মৰ্যদা কৰ্তনৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ সন্তুষ্টি BPF নেত্ৰী মালতী ৰাণী নাৰ্জাৰীৰ; সাংসদ নৱ শৰণীয়াই মিছাৰ আশ্ৰয় লোৱা বুলিও মন্তব্য

সম্প্ৰতি কাৰাৰুদ্ব হৈ থকা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰি সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী মুকলি আকাশৰ তলত আহিব পৰা নাই যদিও মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে দুখৰ মাজতে সুখৰ বতৰা কঢ়িয়াই আনিছে।

সম্প্ৰতি কাৰাৰুদ্ব হৈ থকা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰি সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী মুকলি আকাশৰ তলত আহিব পৰা নাই যদিও মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে দুখৰ মাজতে সুখৰ বতৰা কঢ়িয়াই আনিছে।

সম্প্ৰতি কাৰাৰুদ্ব হৈ থকা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰি সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী মুকলি আকাশৰ তলত আহিব পৰা নাই যদিও মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে দুখৰ মাজতে সুখৰ বতৰা কঢ়িয়াই আনিছে।

  • Share this:
মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে শৰণীয়া কছাৰীসকলক জনজাতিৰ মৰ্যদা কৰ্তন কৰিব লাগে বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছতেই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত বিভিন্নজনে বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উচ্চ ন্যায়ালয়ৰ ৰায়দানক স্বাগতম জনাই আৰম্ভণিৰে পৰাই শৰণীয়া কছাৰী বিশেষকৈ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভুৱা জনজাতিৰ প্ৰমাণ পত্ৰৰ বিৰুদ্ধে ন্যায়ালয়ত আইনী যুঁজ অব্যাহত ৰখা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰীৰ জেষ্ঠ ভগ্নী তথা BPFনেত্ৰী মালতী ৰাণী নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আচলতে নৱ কুমাৰ শৰণীয়াই নিজৰ লগতে আন সকলকো বিপথে পৰিচালিত কৰিব বিচাৰিছে। মালতী ৰাণী নাৰ্জাৰীয়ে কয় যে, শৰণীয়াই নিজক কোনেও একো কৰিব নোৱাৰে বুলি কোৱা তেওঁ শুনিছে। ২০১৯ চনত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ জৰিয়তে শৰণীয়া সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিব পাৰে বুলি এটা সিদ্বান্ত লৈ সংসদলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল বুলি নাৰ্জাৰীয়ে উল্লেখ কৰে। কিন্তু তাত কোনো ধৰণৰ সাংবিধানিক অধিকাৰ নাই বুলি শৰণীয়াই  নিজে কোৱা বুলিও নাৰ্জাৰীয়ে কয়। BPF নেত্ৰীগৰাকীয়ে কয় যে, ‘‘তাৰ মানে নৱ কুমাৰ শৰণীয়া নিজেই ভুৱা। ইমান মিছা মাতিছে। গতিকে নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰখনটো কটা যাব।’’ লগতে সাংসদ পদো খাৰিজ হ’ব লাগে বুলি দাবী জনাইছে নাৰ্জাৰীয়ে।

তেনেদৰে, সম্প্ৰতি কাৰাৰুদ্ব হৈ থকা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰি সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী মুকলি আকাশৰ তলত আহিব পৰা নাই যদিও মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ে দুখৰ মাজতে সুখৰ বতৰা কঢ়িয়াই আনিছে। কাৰণ এয়া কেৱল বড়ো সকলৰ বাবেই নহয়, সমগ্ৰ জনজাতি সকলৰ বাবেই এক সু-খবৰ বুলি ভগ্নী মালতী ৰাণী নাৰ্জাৰীয়ে মন্তব্য কৰে।

আনহাতে, দি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰীৰ পত্নী সাধনা বৰগয়াৰীয়ে কয় যে দুখৰ সময়তো ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিছে তেওঁলোকে আদৰণি জনাইছে। অৱশ্যে কাৰাৰুদ্ধ দাওৰাও দেখ্ৰেৱ নাৰ্জাৰীৰ মুক্তিৰ বাবে পৰিয়ালটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা আবেদন ন্যায়ালয়ে নাকচ কৰিছে। তাৰ বাবে পুনৰ ন্যায়ালয়ত আবেদন জনোৱা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, জাতিৰ বাবে কাম কৰি কাৰাৰুদ্ধ হৈ থকা নিজৰ স্বামী তথা ভাতৃৰ বৰ্তমান শাৰীৰিক অৱস্থা খুবেই বেয়া যদিও চৰকাৰী চিকিৎসা গ্ৰহণ নকৰে বুলি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰীয়ে স্পষ্ট কৰি দিছে বুলিও পৰিয়ালটোৱে জানিব দিয়ে।

শেহতীয়া বাতৰি