হাগ্ৰামা মহিলাৰীক লৈ এতিয়া তোলপাৰ ৰাজ্যৰ ৰাজনীতি। হাগ্ৰামাৰ দিল্লী যাত্ৰাৰ পিছতে এতিয়া গৰম হৈ পৰিছে অসমৰ ৰাজনৈতিক বতাহ। দিল্লীত বিপিএফ প্ৰধানগৰাকীয়ে বিজেপিৰ আৰু আৰএছএছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাক লৈ এতিয়া চৰ্চা চলিছে – বিজেপিত যোগদান কৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে?
শেহতীয়াকৈ দিল্লীত হাগ্ৰামা মহিলাৰীয়ে আৰএছএছ আৰু বিজেপি নেতৃত্বক সাক্ষাৎ কৰাৰ ফটো আৰু ভিডিঅ’ প্ৰকাশ পাইছে। ভিডিঅ’ত এগৰাকী আৰএছএছ নেতা ইন্দ্ৰেশ কুমাৰৰ চৰণ চুই সেৱা জনোৱাও দেখা গৈছে। ইয়াৰ পিছতে স্বাভাৱিকতে প্ৰশ্নৰ উদ্ৰেগ ঘটিছে ৰাজনৈতিক মহলত – আৰএছএছ–বিজেপিৰ শৰণাপন্ন হ’ল নেকি হাগ্ৰামা মহিলাৰী?
উল্লেখযোগ্য যে ১৪ দিন ধৰি দিল্লীত বাহৰ পাতি আছে হাগ্ৰামা মহিলাৰীয়ে। দিল্লীত বিজেপি নেতা বি এল সন্তোষৰ লগতে বহু জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ আৰএছএছৰ শীৰ্ষ পৰ্যায়ৰ নেতা ইন্দ্ৰেশ কুমাৰকো সাক্ষাৎ কৰে হাগ্ৰামাই। ইন্দ্ৰেশ কুমাৰ হ’ল মোহন ভাগৱতৰ পিছতে যিসকল শীৰ্ষ নেতা আছে তেওঁলোকৰ ভিতৰৰ অন্যতম এজন। ইয়াৰ উপৰি বিপিএফ প্ৰধানগৰাকীয়ে সাক্ষাত্ব কৰিছে বিজেপিৰ RSSৰ প্ৰভাৰী পৱন কুমাৰকো।
অৱশ্যে হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এতিয়ালৈ মুখ খোলা নাই। তেওঁৰ দিল্লী যাত্ৰাৰ উদ্দেশ্য কি সেয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই। কিন্তু হাগ্ৰামাৰ এই দিল্লী যাত্ৰাৰ পিছতে উদয় হৈছে বহু প্ৰশ্নৰ? বিজেপিত যোগদান কৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে? বিগত নিৰ্বাচনত বিটিচিৰ শাসনৰ ভাৰ এৰিবলগীয়া হোৱা হাগ্ৰামা বাহিনী বিলীন হ’ব নেকি বিজেপিত? সেই প্ৰশ্নৰ উত্তৰ পোৱা যাব হাগ্ৰামা মহিলাৰীয়ে মুখ খোলাৰ পিছতহে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|