প্ৰাক্তন বিধায়ক কমল ছিং নাৰ্জাৰীৰ UPLLত যোগদান । বিজনীৰ তিনিটা কাৰ্যকালৰ বিপিএফ (BPF)ৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী (Kamal Singh Narzary)য়ে আজি UPPLত যোগদান কৰে।বিজনীৰ দক্ষিণ গাৰগাঁওস্থিত সদ্ভাৱনা ভৱনত আয়োজিত যোগদান সমাৰোহ কাৰ্যসূচীত জৰিয়তে বিটিচি (BTC)ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো (Pramod Bodo)ৰ উপস্থিতিত UPPLত যোগদান কৰে প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰীয়ে।
বিজনী বিধানসভা সমষ্টিত বৃহৎ গণভিত্তি থকা তথা বিপিএফৰ জ্যেষ্ঠ নেতা কমল সিং নাৰ্জাৰীৰ ইউপিপিএলত যোগদান কৰা কাৰ্যই বিপিএফৰ বৃহৎ ক্ষতি বুলি বিবেচিত হৈছে।বিজনী বিধানসভা সমষ্টিৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী বিগত বিধানসভা নিৰ্বাচনত অতি কম ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ হাতত পৰাজিত হৈছিল। প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰীয়ে বিজনী সমষ্টিৰ উন্নয়ন আৰু বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ লক্ষ্যৰে ইউপিপিএলত যোগদান কৰা বুলি জানিব দিয়ে।
বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীয়ে আঁত ধৰা উক্ত যোগদান কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰিও বিটিআৰৰ অধ্যক অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীসহ কেবাগৰাকীও ব্যক্তি উপস্থিত থাকে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|