স্থিতি লাহে লাহে থৰকবৰক হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ৷ যিকোনোপ্ৰকাৰে ক্ষমতাশালী হোৱাৰ চেষ্টা কৰিছে থৰকবৰক বিপিএফে ৷ বিপিএফ নেতাই স্পষ্ট কৰিছে, বিপিএফে পালন নকৰে বিৰোধীৰ ভূমিকা; থাকিব চৰকাৰৰ সমৰ্থনতে ৷
ক্ষমতাৰ সোৱাদ সঁচাকৈয়ে সুকীয়া ৷ নিৰ্বাচনৰ পূৰ্বে বিগব্ৰাডাৰ বিজেপিৰ (Assam BJP) কাষত নথকা বিপিএফে এই সময়ত হাতলে মুখলে চাবলগীয়া হৈছে বিগব্ৰাডাৰ বিজেপিৰ ৷ এটা ভাল খবৰৰ অপেক্ষাত দিন কটাইছে হাগ্ৰামা মহিলাৰী (Hagrama Mohilari) বাহিনীয়ে৷ তাৰ প্ৰমাণ কলাইগাঁৱৰ বিধায়ক দুৰ্গা দাস বড়োৱে কৰা এই মন্তব্য- "ভাল খবৰ আহিব ৷ সোনকালেই আহিব ৷ ক'ৰবাত চামিল হোৱা নোহোৱা পিছৰ কথা ৷ বিটিচিত পৰিৱৰ্তন হ'ব ৷ "
বিজেপিৰ গুড বুকত কিদৰে নিজৰ নাম পুনৰ সুমুৱাব পাৰি তাৰ চেষ্টা অব্যাহত ৰাখিছে বিপিএফে ৷ এতিয়া আৰু কোনো সেয়ে লুক-ঢাক ৰাখিব বিচৰা নাই বিপিএফে ৷ সেয়ে দলটোৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে কৈয়েই দিলে-
"বিপিএফে পালন নকৰে বিৰোধীৰ ভূমিকা ৷ আমি চৰকাৰক কৰি যাম মুকলি সমৰ্থন ৷"
ইমানেই নহয়, প্ৰবীণ বড়োৱে আনকি ক'লে "ৰাজনীতিত সকলো সম্ভৱ" ৷
প্ৰবীণ বড়োৱে কোৱাৰ ধৰণে ৰাজনীতিত একো যে অসম্ভৱ নহয় সেই কথা স্বীকাৰ কৰিলেও, UPPLৰ নেতা তথা কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই অৱশ্যেই ক'লে- BPFৰে মিত্ৰতা নহয় UPPLৰ ৷
এইখিনিতে এটা কথা উনুকিয়াব পাৰি যে মাঘ বিহুৰ পিছতে বিজেপিৰ ৰাজনীতিলৈ এটা ভাল খবৰ আহিব বুলি কৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপিএফে চৰকাৰক পূৰ্ণ সমৰ্থন দিয়াৰ কথা ঘোষণা কৰাৰ লগে বিৰোধীৰ শক্তি যে আৰু হ্ৰাস পালে সেয়া হৈ পৰিল স্পষ্ট ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|