আনুষ্ঠানিকভাবে অৱসান ঘটিল বিজেপিৰ সৈতে মিত্ৰতা, কংগ্ৰেছ-AIUDFৰ মহাজোঁটত চামিল হ'ল BPF

News18 Assam | News18-Assam
Updated:February 27, 2021, 8:52 PM IST
আনুষ্ঠানিকভাবে অৱসান ঘটিল বিজেপিৰ সৈতে মিত্ৰতা, কংগ্ৰেছ-AIUDFৰ মহাজোঁটত চামিল হ'ল BPF
মহাজোঁটত চামিল হ'ল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ।

মহাজোঁটত চামিল হ'ল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ।

  • Share this:
অৱশেষত সত্য প্ৰমাণিত হ'ল News18ৰ বাতৰি। মহাজোঁটত চামিল হ'ল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ। আগন্তুক অসম বিধান সভা নিৰ্বাচনত কংগ্ৰেছ, AIUDF, আঞ্চলিক গণ মৰ্চাৰ সৈতে একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব হাগ্ৰামা মহিলাৰীৰ বিপিএফ। এই কথা টুইটাৰ যোগে জনাই হাগ্ৰামা মহিলাৰীয়ে।



আনহাতে এই মুহূৰ্তৰ পৰা বিজেপিৰ সৈতে আনুষ্ঠানিক মিত্ৰতা শেষ হ'ল বিপিএফৰ। ইয়াৰ ফলত কাইলৈৰ দিনটোত বৰ্তমান মন্ত্ৰীসভাত থকা তিনিওজন বিপিএফৰ মন্ত্ৰীয়ে পদত্যাগ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল।
Published by: Himangshu Bhuyan
First published: February 27, 2021, 8:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি