• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘মহাজোঁট নিৰ্বাচনকেন্দ্ৰীক আছিল, চৰকাৰ নহ’ল যেতিয়া মহাজোঁটৰ সৈতে এতিয়া বিপিএফৰ কোনো সম্পৰ্ক নাই’ – ক’লে এইগৰাকী বিপিএফ নেতাই

‘মহাজোঁট নিৰ্বাচনকেন্দ্ৰীক আছিল, চৰকাৰ নহ’ল যেতিয়া মহাজোঁটৰ সৈতে এতিয়া বিপিএফৰ কোনো সম্পৰ্ক নাই’ – ক’লে এইগৰাকী বিপিএফ নেতাই

মহাজোঁট নিৰ্বাচনকেন্দ্ৰীক বুলি দোহাৰি মহাজোঁট বিষয়টো এতিয়া অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰে বড়োৱে।

মহাজোঁট নিৰ্বাচনকেন্দ্ৰীক বুলি দোহাৰি মহাজোঁট বিষয়টো এতিয়া অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰে বড়োৱে।

মহাজোঁট নিৰ্বাচনকেন্দ্ৰীক বুলি দোহাৰি মহাজোঁট বিষয়টো এতিয়া অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰে বড়োৱে।

  • Share this:
মহাজোঁট নিৰ্বাচনকেন্দ্ৰীক আছিল৷ নিৰ্বাচনকেন্দ্ৰীক মহাজোঁটৰ সৈতেহে বিপিএফৰ সম্পৰ্ক আছিল৷ মহাজোঁটৰ চৰকাৰ নহ'ল, গতিকে মহাজোঁট এতিয়া অপ্ৰাসংগিক৷ এই বিস্ফোৰক মন্তব্য বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ। আনকি সমাগত উপ–নিৰ্বাচনতো বিপিএফ দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে।

বিপিএফ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মহাজোঁট সন্দৰ্ভত মন্তব্য কৰাৰ পিছত আজি বৰমাত বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োই মহাজোঁট সম্পৰ্কে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মহাজোঁট সম্পৰ্কে চৰ্চা চলি থকা সময়তে বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োই মহাজোঁট সম্পৰ্কে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়।

মহাজোঁট নিৰ্বাচনকেন্দ্ৰীক বুলি দোহাৰি মহাজোঁট বিষয়টো এতিয়া অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰে বড়োৱে। নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত এতিয়া মহাজোঁটৰ কি কাম আছে বুলিও কয় তেওঁ৷ নিৰ্বাচনৰ পিছতে মহাজোটৰ সৈতে বিপিএফৰ মিত্ৰতা ভংগ হৈছে৷ সেয়ে সমাগত বিধানসভাৰ উপ–নিৰ্বাচনত বিপিএফ দলে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কয় প্ৰবীণ বড়োৱে৷

আনহাতে বিপিএফ দল কোনো দলৰ সৈতে একত্ৰিত হৈ নাযায় বুলি জানিবলৈ দি বড়োৱে বিপিএফ এটা ৰেজিষ্টাৰ হোৱা ৰাজনৈতিক দল বুলি মন্তব্য কৰে৷ বি পি এফৰ সাধাৰণ সম্পাদকগৰাকীয়ে মহাজোঁটত থকা বাবে বিপিএফ দলে বহু আসন হেৰুৱাব লগা হ'ল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ মহাজোঁটৰ দলসমূূূূহে বিধানসভা নিৰ্বাচনত সঠিকভাৱে সহায় নকৰিলে বুলিও অভিযোগ উত্থাপন কৰে তেওঁ৷

তদুপৰি বিপিএফ দলৰ সৈতে কোনো দলে সমৰ্থন দিলে বিটিচি চৰকাৰ পৰিৱৰ্তন হ’ব পাৰে বুলিও কয় প্ৰবীণ বড়োৱে৷ ইফালে প্ৰবীণ বড়োৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিপিএফ দলক উপযুক্ত মৰ্যাদা দিয়াৰ বাবে আলোচনা কৰা বুলি জানিবলৈ দিয়ে৷
Published by:Sanjay Kumar Das
First published: