বিটিচি (ঊণ)ৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো (Hagrama Mohilary Vs Pramod Bodo) ৰাজনৈতিক বাকযুঁজ ৷ আজি পুনৰ প্ৰমোদ বড়োক প্ৰত্যাহ্বান হাগ্ৰামা মহিলাৰীৰ ৷ "প্ৰমোদ বড়োৱে মোক দিল্লীলৈ মাতি নিছিল আলোচনা কৰিবলৈ ৷ মোৰ লগত অডিও ৰেকৰ্ডিং আছে প্ৰমোদ বড়োৰ ৷ BTRৰ পৰা বিজেপি (BJP)ক উৎখাট কৰিবলৈ মোক লগ ধৰিছিল প্ৰমোদ বড়োৱে ৷" আজি কোকলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহি পুনৰ বিস্ফোৰক মন্তব্য কৰে বিপিএফ (BPF)ৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷
হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনাই পুনৰ কয় যে "প্ৰমোদ বড়োৰ যদি সাহস আছে কামাখ্যালৈ আহক ৷ গীতা, ভাগৱতত ধৰি শপত খাওক ৷ মই মিছা কৈছোঁ বুলি পাৰে যদি প্ৰমাণ কৰক।"
উল্লেখ্য যে বিটিআৰৰ পৰা বিজেপিক উৎখাট কৰাৰ বাবে তেওঁক প্ৰমোদ বড়োই দিল্লী (Delhi)লৈ আলোচনাৰ বাবে মতা বুলি কিছুদিন পূৰ্বে সংবাদ মাধ্যমক জানিব দিছিল বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ পিছে এই কথা অস্বীকাৰ কৰিছিল বিটিচিৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ কিন্তু আজি পুনৰ প্ৰমোদ বড়োৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে আজি পুনৰ প্ৰমোদ বড়োক মিছা কথা কোৱা হেডমাষ্টাৰ বুলি অভিযোগ কৰে ৷
আনহাতে নিদৰ্লীয় প্ৰাৰ্থী এগৰাকী নিৰুদ্দিষ্ট হোৱা বিষয়ক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মহিলাৰীয়ে কোকলাবাৰী পৰিষদীয় সমষ্টিত ভগৱানে সহায় কৰিলে বিপিএফৰ প্ৰাৰ্থী বিজয়ী হ'ব বুলি জানিব দিয়ে ৷ মহিলাৰীয়ে কয় যে এইবাৰ সমষ্টিটোত বড়ো ভাষী ভোটাৰ বিপিএফৰ দিশে আকৰ্ষিত হৈছে ৷ সেয়ে কোকলাবাৰী সমষ্টিটোৰ পৰা বিপিএফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰী বিজয়ী হ'ব ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|