உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিধানসভা নিৰ্বাচনত বিটিচিৰ বাহিৰত প্ৰাৰ্থী নিদিয়ে বিপিএফে, নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আশাত চেঁচাপানী ঢালিলে হাগ্ৰামাই!

    বিধানসভা নিৰ্বাচনত বিটিচিৰ বাহিৰত প্ৰাৰ্থী নিদিয়ে বিপিএফে, নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আশাত চেঁচাপানী ঢালিলে হাগ্ৰামাই!

    আগন্তুক বিধানসভা নিৰ্বাচনত বিটিচিৰ বাহিৰত বি পিএফে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী৷

    আগন্তুক বিধানসভা নিৰ্বাচনত বিটিচিৰ বাহিৰত বি পিএফে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী৷

    আগন্তুক বিধানসভা নিৰ্বাচনত বিটিচিৰ বাহিৰত বি পিএফে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী৷

    • Share this:
    সমাগত বিধানসভা নিৰ্বাচনক লৈ সাজু হৈ উঠিছে হাগ্ৰামা মহিলাৰী নেত়ত্বাধীন বিপিএফ দল৷ বিটিচিৰ ১২টা বিধানসভা সমষ্টিতে দলটোৱে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী৷ অৱশ্যে বি পি এফৰ নতুন মুখৰ প্ৰাৰ্থীৰ আশাত চেঁচাপানী পৰিব আগন্তুক বিধানসভা নিৰ্বাচনত৷ নতুন মুখৰ প্ৰাৰ্থীক টিকট নিদিয়ে হাগ্ৰামা মহিলাৰীয়ে৷

    বিধানসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলসমূহে ৰণকৌশল তৈয়াৰ কৰাৰ সময়তে বি টি এ ডিৰ ৰাজনৈতিক দল বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে  বাক্সাৰ বৰমাত নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ৰিহন দৈমাৰী, চন্দন ব্ৰহ্ম আৰু প্ৰাক্তন বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰে অনুষ্ঠিত হয় এক ৰূদ্ধদ্বাৰ বৈঠক ৷ বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে বিধানসভা নিৰ্বাচন সম্পৰ্কে কেতবোৰ গুৰুত্ব পূৰ্ণ মন্তব্য কৰে৷

    আগন্তুক বিধানসভা নিৰ্বাচনত বিটিচিৰ বাহিৰত বি পিএফে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী৷ বিটিচিৰ ১২টা বিধানসভা সমষ্টিৰ বাহিৰে ৰাজ্যৰ আন আন সমষ্টিত মিত্ৰজোঁটৰ দলক জনাব সমৰ্থন৷ বিজেপিক বাদ দি যি কোনো ৰাজনৈতিক দলৰ লগতে মিত্ৰতা হোৱাৰ কথা প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে৷ বি টি এ ডিৰ ১২টা বিধানসভা সমষ্টিত কোনো নতুন মুখৰ প্ৰাৰ্থী অহাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰি অহা সপ্তাহত বি পি এফৰ মিত্ৰতাৰ সম্পৰ্কত সিদ্ধান্ত হোৱাৰ লগতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
    Published by:Sanjay Kumar Das
    First published: