হাগ্ৰামা মহিলাৰীয়ে আকৌ কয়, ‘‘গোসাঁইগাঁও বিধানসভা সমষ্টিত এইবাৰ চতুৰ্থবাৰৰ বাবে বিপিএফৰ বিধায়ক জয়ী হোৱাটো নিশ্চিত।’’ হাগ্ৰামা মহিলাৰীয়ে আকৌ কয়, ‘‘গোসাঁইগাঁও বিধানসভা সমষ্টিত এইবাৰ চতুৰ্থবাৰৰ বাবে বিপিএফৰ বিধায়ক জয়ী হোৱাটো নিশ্চিত।’’ ইতিমধ্যে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। সকলো ৰাজনৈতিক দলে সাধাৰণ ৰাইজক আকৰ্ষিত কৰিবলৈ নিজ নিজ সমষ্টিৰ বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। বাদ পৰি ৰোৱা নাই বিটিআৰৰ মুখ্য ৰাজনৈতিক দল বিপিএফো। বৰ্তমানেও গোসাঁইগাঁও বিধানসভা সমষ্টিত কোনো এটা ৰাজনৈতিক দলে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও আন আন ৰাজনৈতিক দলৰ লগতে নিৰ্বাচনী তৎপৰতা দেখুৱাইছে বিপিএফ দলেও।
‘‘২০২১ৰ বিধানসভা নিৰ্বাচনত এইবাৰ বিপিএফৰ সহযোগত মহাজোঁটবন্ধনে ৰাজ্যত চৰকাৰ গঠন কৰিব। বিধানসভা নিৰ্বাচনত ৭০খন আসন দখল কৰিব মহাজোঁটবন্ধনে। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত কাক মুখ্যমন্ত্ৰিত্ব দিয়া হ'ব সেয়া মহাজোঁটে সমূহীয়াভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব।’’ – ক’লে হাগ্ৰামা মহিলাৰীয়ে।
আনহাতে, বিধানসভা নিৰ্বাচনৰ পিছত বিটিআৰত ইউ পি পি এলৰ চৰকাৰ ওফৰাই হাগ্ৰামাৰ চৰকাৰ নিশ্চিত বুলি বিপিএফ প্ৰধান তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। গোসাঁইগাঁও বিধানসভা সমষ্টিৰ গোসাঁইগাঁও চহৰৰ মাজমজিয়াত আজি অনুষ্ঠিত হোৱা বিপিএফ দলৰ বৃহৎ যোগদান কাৰ্যসূচীত এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।
হাগ্ৰামা মহিলাৰীয়ে আকৌ কয়, ‘‘গোসাঁইগাঁও বিধানসভা সমষ্টিত এইবাৰ চতুৰ্থবাৰৰ বাবে বিপিএফৰ বিধায়ক জয়ী হোৱাটো নিশ্চিত। অকল গোসাঁইগাঁও বিধানসভা সমষ্টিত নহয় বিটিআৰৰ বাৰটা বিধানসভা সমষ্টিয়ে দখল কৰিব বিপিএফ দলে। কংগ্ৰেছ, এআইইউডিএফকে ধৰি মহাজোঁটবন্ধনৰ ছয়টা ৰাজনৈতিক দলৰ কোনো এটা দলেই এইবেলি বিটিআৰত প্ৰাৰ্থিত্ব প্ৰদান নকৰে। মহাজোঁটবন্ধনৰ সকলো দলৰ কৰ্মীয়ে নিৰ্বাচনত বিপিএফক সহায় কৰিব।’’
আনহাতে, বিপিএফ দলত যোগদান কাৰ্যসূচীত বিভিন্ন দলৰ পৰা প্ৰায় তিনি সহস্ৰ লোকে বিপিএফ দলত যোগদান কৰে। উল্লেখযোগ্য যে এইবেলি গোসাঁইগাঁও বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা কম। বিজেপিয়ে ইউ পি পি এলক সমষ্টিটো এৰি দিয়াৰ জল্পনা-কল্পনা চলিছে।
Published by: Sanjay Kumar Das
First published: March 09, 2021, 16:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|