অসম বিধান সভাৰ উপ নিৰ্বাচন (By Election) সমাগত। ছয়টা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। যিকোনো মুহূৰ্তত উপ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব পাৰে নিৰ্বাচন আয়োগে। ছয়টা সমষ্টিৰ ভিতৰত গোসাঁইগাঁও (Gisaigaon) আৰু তামুলপুৰ (Tamulpur) সমষ্টিত চকু বিটিআৰ (BTR)ৰ দুই আঞ্চলিক দল ইউপিপিএল (UPPL) আৰু বিপিএফ (BPF)ৰ। দুয়োটা সমষ্টিৰ বাবে কঁকালত টঙালি বান্ধিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ দলে।
ছয়টা সমষ্টিতে মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰা ইউপিপিএলৰ নেতা তথা মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই তামুলপুৰ আৰু গোসাঁইগাঁৱত UPPLৰ জয় নিশ্চিত বুলি দাবী কৰিছে। সেয়ে নহয় ২০২১ চনত গোসাঁইগাঁও সমষ্টিত জয়ী হোৱা বিপিএফ দল এতিয়া দুৰ্বল বুলিও কয় মন্ত্ৰী গৰাকীয়ে।
ইফালে পিছ পৰি ৰোৱা নাই বিপিএফ দলো। তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত নিৰ্বাচন খেলিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে। এই কথা News18 ক জনালে বিপিএফৰ বিধায়িনী দলৰ নেতা দূৰ্গাদাস বড়োৱে। তাৰ মাজতে দূৰ্গাদাস বড়োৱে News18ক জনোৱা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু হাগ্ৰামা মহিলাৰী (Hagrama Mahilary)ৰ মাজত চলি আছে আলোচনা। আলোচনা ফলপ্ৰসূ হ'লে নতুন ৰাজনৈতিক পৰিকল্পনা কৰিব বুলিও ইংগিত দিলে দূৰ্গাদাস বড়োৱে।
ছয়টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিক লৈ UPPL আৰু BPFৰ মাজত জমি উঠিছে খেল। দুয়োটা দলে সুকীয়া সুকীয়া কৈ সমষ্টি দুটাত চলাইছে ৰাজনৈতিক কুচকাৱাজ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|