• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত প্ৰৱঞ্চক প্ৰেমিকে ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে প্ৰেমিকাৰ নগ্ন ফটো–ভিডিঅ’

ৰঙিয়াত প্ৰৱঞ্চক প্ৰেমিকে ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে প্ৰেমিকাৰ নগ্ন ফটো–ভিডিঅ’

ম’বাইলৰ জৰিয়তে ৰঙিয়াৰ কনিহাৰ বিকাশ কলিতা নামৰ যুৱকজনৰ সৈতে প্ৰথমে চিনাকি হৈছিল যুৱতীগৰাকী। লাহে লাহে সেই চিনাকিয়ে লৈছিল প্ৰেমৰ ৰূপ।

ম’বাইলৰ জৰিয়তে ৰঙিয়াৰ কনিহাৰ বিকাশ কলিতা নামৰ যুৱকজনৰ সৈতে প্ৰথমে চিনাকি হৈছিল যুৱতীগৰাকী। লাহে লাহে সেই চিনাকিয়ে লৈছিল প্ৰেমৰ ৰূপ।

ম’বাইলৰ জৰিয়তে ৰঙিয়াৰ কনিহাৰ বিকাশ কলিতা নামৰ যুৱকজনৰ সৈতে প্ৰথমে চিনাকি হৈছিল যুৱতীগৰাকী। লাহে লাহে সেই চিনাকিয়ে লৈছিল প্ৰেমৰ ৰূপ।

  • Share this:
    ৰঙিয়াত প্ৰেমিকে ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে প্ৰেমিকাৰ নগ্ন ফটো, ভিডিঅ’। প্ৰবঞ্চক প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল প্ৰেমিকা। প্ৰেমিকাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰৱঞ্চক প্ৰেমিকক।

    ঘটনাৰ বিৱৰণী অনুসৰি, ম’বাইলৰ জৰিয়তে ৰঙিয়াৰ কনিহাৰ বিকাশ কলিতা নামৰ যুৱকজনৰ সৈতে প্ৰথমে চিনাকি হৈছিল যুৱতীগৰাকী। লাহে লাহে সেই চিনাকিয়ে লৈছিল প্ৰেমৰ ৰূপ। অতি কম দিনৰ ভিতৰতে দুয়ো দুয়োৰে আপোন হৈ পৰিছিল।

    প্ৰথমে সকলো ঠিকেই আছিল। কিন্তু সময় সলনি হোৱাৰ লগে লগে সলনি হ’ল প্ৰেমিকৰ ৰূপ। দিনে–নিশাই মৰম–চেনেহৰ কথা কোৱা প্ৰেমিকে আৰম্ভ কৰিলে ব্লেকমেইলিং। চলাবলৈ ল’লে মানসিক নিৰ্যাতন। সময়ে সময়ে টকা বিচাৰে বিকাশে। টকা নিদিলে দিয়ে ভয়–ভাবুকি।

    প্ৰথমে সহ্য কৰি আছিল যুৱতীগৰাকীয়ে। কিন্তু এইবাৰ চৰম সীমা অতিক্ৰম কৰিলে প্ৰেমিকে। দাবী কৰা টকা দিব নোৱাৰা বাবেই লম্পট প্ৰেমিকে ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে যুৱতীগৰাকীৰ আপত্তিজনক ফটো আৰু ভিডিঅ’। এই ঘটনাৰ পিছতে প্ৰৱঞ্চক প্ৰেমিকৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে প্ৰেমিকাই। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত প্ৰতাৰক প্ৰেমিক বিকাশক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত বিকাশ কলিতাক ৰঙিয়া থানাত জেৰা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি