হাজো আৰক্ষী থানাত প্ৰেমৰ নামত বলিয়ালি কৰা কিশোৰীগৰাকীৰ পৰিয়ালে অৱগত কৰে
হাজো আৰক্ষী থানাত প্ৰেমৰ নামত বলিয়ালি কৰা কিশোৰীগৰাকীৰ পৰিয়ালে অৱগত কৰে
প্ৰেমে বাধা নামানে, নামানে HIVকো। বস্ত্ৰনগৰী শুৱালকুছিত সংঘটিত হৈছে এনে এক শিহৰণকাৰী ঘটনা। HIV পজিটিভ যুৱকৰ সৈতে প্ৰেম এগৰাকী কিশোৰীৰ।
ঘটনা অনুসৰি, হাজোৰ সাতদলাৰ এজন যুৱকৰ সৈতে শুৱালকুছিৰ (sualkuchi) এগৰাকী কিশোৰীৰ তিনি বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে হৈছিল চিনাকি। তাৰ পিছৰে পৰাই দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেমৰ সম্পৰ্ক। দুয়ো দুয়োকে এৰি এটা মুহূৰ্তও থাকিব নোৱাৰা হৈছিল।
ইমানলৈ ঠিকেই আছিল। কিন্তু প্ৰেমৰ এই মধুৰ দিনবোৰ মাজতে আহিল এটা বেয়া খবৰ। প্ৰেমিকৰ দেহত হঠাৎ ধৰা পৰিল মাৰাত্মক HIV। তাৰ পিছতে যুৱকজনে এই বিষয়ে নিজৰ প্ৰেমিকাক অৱগত কৰিলে।
কিন্তু প্ৰেমিকা নাছোৰবান্দা। নামানে বাধা। HIV পজিটিভ বুলি অৱগত হোৱাৰ পিছতো নিজৰ প্ৰেমিকৰ সৈতে তিনিবাৰকৈ পলাই গ'ল কিশোৰীগৰাকী। কেৱল সেয়াই নহয়, প্ৰেমিকা কিশোৰীগৰাকীয়ে HIV পজিটিভ যুৱকৰ দেহৰ পৰা চিৰিঞ্জেৰে তেজ লৈ নিজৰ দেহতো ল'লে সুমুৱাই। অৱশেষত এই বিষয়ে হাজো আৰক্ষী থানাত প্ৰেমৰ নামত বলিয়ালি কৰা কিশোৰীগৰাকীৰ পৰিয়ালে অৱগত কৰোৱাত হাজো আৰক্ষীয়ে প্ৰেমিক যুৱকজনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে কাৰাগাৰলৈ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|