কণ্ঠশিল্পী সীমান্ত শেখৰলৈ তেজপুৰৰ বিহু মঞ্চত সংগীত শিলগুটি নিক্ষেপ, সহঃশিল্পীক মাৰপিট

উদণ্ড যুৱকৰ কাণ্ডত স্তম্ভিত তেজপুৰৰ সংস্কৃতিৱান ৰাইজ

news18assam
Updated:April 28, 2019, 9:46 AM IST
কণ্ঠশিল্পী সীমান্ত শেখৰলৈ তেজপুৰৰ বিহু মঞ্চত সংগীত শিলগুটি নিক্ষেপ, সহঃশিল্পীক মাৰপিট
উদণ্ড যুৱকৰ কাণ্ডত স্তম্ভিত তেজপুৰৰ সংস্কৃতিৱান ৰাইজ
news18assam
Updated: April 28, 2019, 9:46 AM IST
পুনৰ বিহু মঞ্চত কণ্ঠশিল্পীক আক্ৰমণ উদণ্ড যুৱকৰ। এইবাৰ তেজপুৰৰ বিহু মঞ্চত সংগীত পৰিৱেশনৰ সময়তে কণ্ঠশিল্পী সীমান্ত শেখৰক আক্ৰমণ। মঞ্চলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে সীমান্তৰ সহঃশিল্পীকো মাৰপিট কৰে এজন সুৰামত্ত যুৱকে। সাংস্কৃতিক নগৰী তেজপুৰত সংঘটিত হৈছে শিল্পীক আক্ৰমণৰ ঘটনা৷ সুৰামত্ত যুৱকৰ উদ্ভণ্ডালিয়ে অতিক্ৰম কৰিলে চৰম সীমা৷ গীত পৰিৱেশনৰ মাজতে সহঃশিল্পীক আক্ৰমণ৷ মঞ্চলৈ নিক্ষেপ কৰিলে শিল৷ কন্ঠশিল্পী সীমান্ত শেখৰৰ সংগীতানুষ্ঠানত সংঘটিত আক্ৰমণৰ ঘটনাই লজ্জ্বানত কৰিছে তেজপুৰবাসীক৷

বৃহস্পতিবাৰে নিশা বিহুৰ সাংস্কৃতিক নিশা অনুষ্ঠিত হৈছিল তেজপুৰৰ বিহগুৰি ৰঙামাটিত৷ ৰঙামাটি ৰঙালী বিহু সন্মিলনত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল জনপ্ৰিয় কন্ঠশিল্পী সীমান্ত শেখৰক। নিশা  সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঞ্চলটোৰ চিন্ময় দাস নামৰ এজন উদণ্ড যুৱকে সুৰামত্ত হৈ সীমান্ত শেখৰ লগত সংগীত পৰিৱেশনত সহযোগীতা আগবঢ়োৱা এগৰাকী সহঃশিল্পীক মাৰপিট কৰে। মাৰপিটৰ এই ঘটনাৰ পিছতে সীমান্ত শেখৰে আধাতে সংগীতানুষ্ঠান বন্ধ কৰি দিয়ে আৰু যুৱকজনক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ আহ্বান জনায়৷

অৱশ্যে এই ঘটনাত শিল্পী গৰাকীৰ লগতে ক্ষুব্ধ হৈ পৰে বিহু সমিতিৰ কৰ্মকৰ্তা সকল৷ কিয়নো সীমান্ত শেখৰৰ সহঃশিল্পী গৰাকীক আক্ৰমণতে ক্ষান্ত নাথাকি আনকি মঞ্চলৈ শিলগুটিও নিক্ষেপ কৰে৷ মঞ্চৰ পৰাই শিল্পী সীমান্ত শেখৰে এই ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি যুৱকজনক ক্ষমা খোজাৰ আহ্বান জনোৱাৰ সমান্তৰালকৈ বিহু সমিতিৰ কৰ্মকৰ্তাইও মঞ্চৰ পৰাই আক্ৰমণকাৰী উদণ্ড যুৱক চিন্ময়ক ক্ষমা খুজিবলৈ বাৰম্বাৰ মাইকযোগে আহ্বান জনায়৷ ইয়াৰ পিছতো যুৱকজন উপস্থিত নোহোৱাত বিহু সমিতিৰ কৰ্মকৰ্তাই ৫ মিনিট সময় বান্ধি দিয়াত স্হানীয় একাংশ যুৱকে চিন্ময়ক বিচাৰি লৈ আহে মঞ্চৰ কাষলৈ আৰু তাৰ পিছতেই চিন্ময় দাস নামৰ যুৱকজনে ক্ষমা খোজাত পৰিস্থিতি শান্ত হয়৷ কন্ঠশিল্পী সীমান্ত শেখৰেও শিল্পীৰ দলটোৰ প্ৰতি দেখুওৱা তৎকালীন আনুগত্যৰ বাবে বিহু সমিতিক কৃতজ্ঞতা প্ৰকাশ কৰি পুনৰাই পৰিৱেশন কৰে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত৷ শিল্পী তথা শিল্পীৰ দলৰ ওপৰত আক্ৰমণৰ ঘটনা পোন প্ৰথমবাৰলৈ সাংস্কৃতিক নগৰী তেজপুৰত সংঘটিত হোৱাত সচেতন মহলে এনে ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষী যুৱকজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আৰক্ষী প্ৰশাসনৰ ওচৰত৷


চাওক এই ভিডিঅ’
আৰু চাওক পৰৱৰ্তী বাতৰি