মুখ্যপৃষ্ঠা »খবৰ »অসম »সমনীয়াৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশু

সমনীয়াৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশু

বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান

বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান

বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান

  • Share this:
নেৰা -নেপেৰা বৰুষণৰ ফলত নৈ উপনৈ সমূহ ওফন্দি উঠিছে ৷ ইয়াৰ মাজতে শোণিতপুুৰ জিলাৰ বৰছলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ভৰাশিঙৰীত ব্ৰহ্মপুত্ৰত পৰি এটি শিশু সন্ধানহীন হৈছে ৷ শিশুটিৰ ব্ৰহ্মপুত্ৰৰ পানীত পৰি সলিল সমাধি ঘটাৰ সন্দেহ কৰিছে যদিও এই মুহূৰ্তলৈকে কোনো ধৰনৰ সন্ধান নাই ৮বছৰীয়া আছাদুল ইছলামৰ ৷

জানিব পৰা মতে, ভৰাশিঙৰী গাঁৱৰ ইন্নছ আলীৰ ৮ বছৰীয়া পুত্ৰ আছাদুল ইছলামে সমনীয়াৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ পানীত পৰি সন্ধানহীন হৈ পৰে ৷ ঘটনাৰ খবৰ পোৱাৰ পিছতেই অঞ্চলটোত হাহাকাৰ লাগে ৷ ইয়াৰ পিছতেই ঘটনাস্থলীত SDRFৰ উদ্ধাৰকাৰী দল  আজি উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই  যদিও এই পৰ্যন্ত পোৱা নাই শিশুটিৰ সন্ধান ৷

শেহতীয়া বাতৰি