মুখ্যপৃষ্ঠা »খবৰ »অসম »Dibrugarh News : গাড়ী ৰখাই হঠাৎ বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে

Dibrugarh News : গাড়ী ৰখাই হঠাৎ বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে

হঠাৎ বগীবিল দলঙৰ মাজত ল’ৰাজনে বমি লগা বুলি কৈ গাড়ীখনৰ পৰা নামে আৰু নদীত জপিয়াই দিয়ে।

হঠাৎ বগীবিল দলঙৰ মাজত ল’ৰাজনে বমি লগা বুলি কৈ গাড়ীখনৰ পৰা নামে আৰু নদীত জপিয়াই দিয়ে।

হঠাৎ বগীবিল দলঙৰ মাজত ল’ৰাজনে বমি লগা বুলি কৈ গাড়ীখনৰ পৰা নামে আৰু নদীত জপিয়াই দিয়ে।

  • Share this:
ডিব্ৰুগড় বগীবিল দলঙৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে। জানিব পৰা মতে যুৱকজনৰ ঘৰ ডিগবৈত। বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ দিশে গৈ থকা এখন এল্ট’ গাড়ীত লিফ্ট বিচাৰি গাড়ীখনত উঠি গৈছিল যুৱকজন। হঠাৎ বগীবিল দলঙৰ মাজত ল’ৰাজনে বমি লগা বুলি কৈ গাড়ীখনৰ পৰা নামে আৰু নদীত জপিয়াই দিয়ে।

যুৱকজনে অৰুণাচলত ইঞ্জনিয়াৰিং পাঠ্যক্ৰম গ্ৰহণ কৰি আছিল বুলি জানিব পৰা গৈছে। যুৱকজনক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান। ঘটনাস্থলীত উপস্থিত হৈছে পৰিয়ালৰ লোক। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে লেপটপ, মোবাইলসহ কিছু সামগ্ৰী। এইপৰ্যন্ত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

শেহতীয়া বাতৰি