ডিব্ৰুগড়ত পুনৰ নৃশংস হত্যাকাণ্ড, ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ ২২ বছৰীয়া যুৱকৰ মৃতদেহ

মৃত ৰাজেশ সিঙৰ ডিঙিত চোকা অস্ত্ৰৰে ৰেপাৰ চিন স্পষ্ট হৈ আছে।
মৃত ৰাজেশ সিঙৰ ডিঙিত চোকা অস্ত্ৰৰে ৰেপাৰ চিন স্পষ্ট হৈ আছে।
- News18 Assam
- Last Updated: November 6, 2020, 2:52 PM IST
মৃত ৰাজেশ সিঙৰ ডিঙিত চোকা অস্ত্ৰৰে ৰেপাৰ চিন স্পষ্ট হৈ আছে। লগতে মূৰতো চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰা চিন আছে। আঘাতৰ চিহ্নলৈ লক্ষ্য কৰি ইয়াক পৰিকল্পিত হত্যা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, ডিব্ৰুগড়ৰ চানমাৰি অঞ্চলত দীৰ্ঘদিনৰে পৰা মদ-জুৱাৰ অবৈধ ঘাটি বৃদ্ধি পাই আহিছে। এই ঘাটিসমূহত নানা ধৰণৰ অসামাজিক কাৰ্যকলাপ হৈ থাকে। বিভিন্ন সময়ত এই ঘাটিবোৰত কাজিয়া সূত্ৰপাত হৈ থকাৰো অভিযোগ আছে।তদুপৰি নিশা হ’লেই সেই অঞ্চলৰে সাধাৰণ লোক অহা–যোৱা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। এই বিষয়ে বাৰে বাৰে আৰক্ষীক অভিযোগ দি থকা হৈছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ ফলত হত্যাৰ দৰে ঘটনা সংঘটিত হ’বলৈ পাইছে।