সৰুৰে পৰা বিহু নাচি ভাল পোৱা জোনাইৰ এজন যুৱক। জোনাইৰ ৩নং মূৰ্কংচেলেক গাঁৱৰ নিবাসী যুৱকজন। যুৱকজনৰ নাম তাজমহল আলী।
বিহু বুলি ক’লেই থাকিব নোৱাৰে তাজমহল। নাচো নাচো লাগে মন। বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানত সৰুৰে পৰা বিহু নাচি পুৰস্কাৰৰ লগতে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে তাজমহল।
কিন্তু বিহু নচাৰ বাবেই এতিয়া সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে তাজমহল। তেওঁ কোৱা মতে, সমাজৰ একাংশ লোকৰ পৰা বিভিন্ন বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি নামাজ পঢ়িবলৈ গ’লেও একাংশৰ পৰা বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় বুলি মন্তব্য কৰে যুৱকজনে।
তাজমহলে কয়, ‘‘মোক বহু লোকেই সন্মান কৰে, মৰম দিয়ে। কিন্তু বেয়া লাগে, আমাৰ মানুহেই কেতিয়াবা বেয়াকৈ কয়। কিছুমান ইছলাম ধৰ্মৰ মানুহে তেনেকে নাচিব নালাগে বুলি কয়। মোক কলংক বুলিও কৈছে।’’
কিন্তু সমাজৰ বিভিন্ন বাধা নওচিও বাহু নাচিব তাজমহলে। বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ হেঁপাহ জোনাইৰ যুৱকজনৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 21, 2023, 14:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।