உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Barpeta News : দলঙৰ ওপৰত পালন কৰিবলৈ আহিছিল জন্মদিন, বাৰ্থডে কেকৰ মমবাতিৰ পৰা জুই লাগি অগ্নিদগ্ধ যুৱক–যুৱতী!

    Barpeta News : দলঙৰ ওপৰত পালন কৰিবলৈ আহিছিল জন্মদিন, বাৰ্থডে কেকৰ মমবাতিৰ পৰা জুই লাগি অগ্নিদগ্ধ যুৱক–যুৱতী!

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিছে যে বাৰ্থডে পালন কৰিবলৈ আহি মমবাতিৰ পৰা যুৱতীগৰাকীৰ শৰীৰত জুই লাগিছিল৷

    • Share this:
    সৰভোগত সোমবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ সৰভোগৰ বেঁকী নৈৰ দলঙত বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আহি শৰীৰত জুই লাগি এহাল যুৱক-যুৱতী আহত হয়৷ আহত দুয়োকে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে৷ আহত যুৱকজনৰ নাম ৰণোজ জাজোদীয়া৷ যুৱক–যুৱতী দুয়োৰে ঘৰ সৰভোগত বুলি জানিব পৰা গৈছে৷

    বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিছে যে বাৰ্থডে পালন কৰিবলৈ আহি মমবাতিৰ পৰা যুৱতীগৰাকীৰ শৰীৰত জুই লাগিছিল৷ উল্লেখ্য যে যুৱক-যুৱতীহালে AS19 N 8376 নম্বৰ বাহনত উঠি বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আহিছিল৷ এই ঘটনা সংঘটিত হোৱাৰ পাছত সেই বাহনতেই বৰপেটা মেডিকেল কলেজলৈ যাবলৈ চেষ্টা কৰিছিল৷ পিছত ১০৮ গাড়ীৰে বৰপেটা মেডিকেল কলেজলৈ যুৱক-যুৱতীহালক প্ৰেৰণ কৰা হয়৷

    সম্প্ৰতি দুয়ো মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে৷ যুৱক-যুৱতী হালৰ লগত বাৰ্থডে চেলিব্ৰেট কৰিবলৈ নৱজিৎ দাস নামৰ এজন বন্ধুও আহিছিল বুলি বৰপেটাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে৷ আৰক্ষীয়ে নৱজিৎ দাসক বৰপেটাৰোড আৰক্ষী থানাত আনি কিদৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’বলৈ পালে তাৰ বাবে জেৰা অব্যাহত ৰাখিছে৷ কিন্তু বাৰ্থডে কেকৰ মমবাতিৰ পৰা কেনেকৈ ইমান ভয়ংকৰ ঘটনা সংঘটিত হ’বলৈ পালে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: