আৰু ৪৬ দিন পিছত জাপানৰ ৰাজধানী টকিঅ'ত আৰম্ভ হ'ব অলিম্পিক গেমছ। কিন্তু বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধত এইবাৰ দেখা পোৱা নাযাব দুবাৰৰ অলিম্পিয়ান তাৰকা বক্সাৰ শিৱ থাপাক। ৬৪ কেজিৰ লাইট ৱেলটাৰ ৱেটত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি জৰ্দানৰ অলিম্পিক যোগ্যতা নিৰ্ণয়কাৰী খেলত ভাগ লোৱা মনীষ কৌশিকৰ সফলতাই চেঁচাপানী ঢালিলে শিৱ থাপাৰ আশাত।
উল্লেখ্য যে এটা ৱেট কেটেগৰীত এখন দেশৰ এজন খেলুৱৈৰহে অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ সুযোগ থাকে। ভাৰতবৰ্ষৰ পৰা মনীষ কৌশিকে ৬৪ কেজিত সেই সুযোগ লাভ কৰাত শিৱ থাপাই ২০২১ চনৰ টকিঅ' অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। শিৱ থাপা ব্যৰ্থ হৈছে যদিও অসমৰ আনগৰাকী সফল মহিলা বক্সাৰ অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহায়ে ৬৯ কেজি শাখাত অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।
আনহাতে, অলিম্পিকৰ ৪×৪০০ মিটাৰ ৰীলেত অংশলবলগীয়া ভাৰতীয় দলত অন্তৰ্ভুক্তিৰ অপেক্ষাত আছে হিমা দাস। অলিম্পিকৰ ২০০, ৪০০ মিটাৰত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে হিমা দাসেও।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|