জৰ্দানৰ অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত সফলতা অৰ্জন কৰা লাভলীনাই বিগত ছয়মাহ গোলাঘাটৰ ঘৰতে থাকি দুবেলা কঠোৰ অনুশীলন চলায়।
জৰ্দানৰ অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত সফলতা অৰ্জন কৰা লাভলীনাই বিগত ছয়মাহ গোলাঘাটৰ ঘৰতে থাকি দুবেলা কঠোৰ অনুশীলন চলায়।
"কোভিড–১৯ৰ লকডাউনৰ বাবেই খেলুৱৈ জীৱনত প্ৰথমবাৰলৈ প্ৰায় ছয় মাহ সময় মই নিজ বাসগৃহত থাকিবলৈ সুবিধা পালো"। – এই মন্তব্য অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ। মাৰ্চৰ প্ৰথম সপ্তাহতে জৰ্দানৰ পৰা সফলতা অৰ্জনেৰে ভাৰতত উপস্থিত হৈয়েই পোনে পোনে গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱত আহি উপস্থিত হৈছিল। তেতিয়াৰ পৰাই অসমত থকা লাভলীনাই শনিবাৰে সন্ধিয়া বৰঝাৰৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা নতুন দিল্লীত তাৰ পিছত পাটিয়ালাৰ কেম্পতগৈ উপস্থিত হয়।
জৰ্দানৰ অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত সফলতা অৰ্জন কৰা লাভলীনাই বিগত ছয়মাহ গোলাঘাটৰ ঘৰতে থাকি দুবেলা কঠোৰ অনুশীলন চলায়। ‘‘ঘৰত থাকোতে মই অনুশীলনৰ লগতে পথাৰৰ খেতিৰ কামো কৰিছিলো" – বহু দিনৰ মূৰত এতিয়া গুচি অহাত মনত দূখ লাগিছে বুলি কলে লাভলীনা বৰগোহাঁয়ে। কোভিডৰ বাবে পিছুৱাই যোৱা টকিঅ’ অলিম্পিক গেমছ ২০২১ বৰ্ষত অনুষ্ঠিত হ’ব। ইফালে ২৯ আগষ্টৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে দেশৰ ক্ৰীড়াৰ সন্মানীয় "অৰ্জুন বটা" গ্ৰহন কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|