ঘৰত থাকিও দৈনিক অনুশীলন অব্যাহত ৰাখিছে লাভলীনাই৷
ঘৰত থাকিও দৈনিক অনুশীলন অব্যাহত ৰাখিছে লাভলীনাই৷
যি সময়ত কৃষিকৰ্মৰ প্ৰতি অসমৰ একাংশ নৱপ্ৰজন্মই অনীহা প্ৰকাশ কৰিছে, সেই সময়তে সৰুপথাৰত দেখা পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। আহাৰৰ পথাৰত পিতৃক কৃষিকৰ্মত সহায় কৰা দেখা গৈছে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহায়ে। উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া যুৱতী গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোঁহায়ে সম্প্ৰতি বৰপথাৰৰ নিজা ঘৰতে থাকি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে৷
লকডাউনৰ পূৰ্বে জৰ্ডানত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতলৈ ওভতাৰ পিছত সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা কোৰোণা ভাইৰাছৰ আতংকৰ বাবে সম্প্ৰতি ঘৰতে আছে বক্সাৰগৰাকী৷ ঘৰত থাকিও দৈনিক অনুশীলন অব্যাহত ৰাখিছে লাভলীনাই৷ ইতিমধ্যে স্বপ্ৰতিভাৰে উজলি উঠা বক্সাৰগৰাকীক অনুশীলনৰ বাবে ঘৰতে সকলো ব্যৱস্থা কৰি দিছে সংশ্লিষ্ট বিভাগে৷ কিন্তু অনুশীলনৰ মাজে মাজে ঘৰুৱা কৰ্মতো নিজকে ব্যস্ত ৰাখিছে লাভলীনাই৷ সৰুৰে পৰা এনেবোৰ কাম কৰি ভাল পায় লাভলীনাই। সেয়েহে পিতৃৰ সৈতে নামিল পথাৰত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|