• Home
  • »
  • News
  • »
  • assam
  • »
  • লক্ষ্য ২০২১ অলিম্পিক গেমছ! দুদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত অৰ্জুন লাভলীনা বৰগোহাঁই

লক্ষ্য ২০২১ অলিম্পিক গেমছ! দুদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত অৰ্জুন লাভলীনা বৰগোহাঁই

অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোহাঁই সম্প্ৰতি গুৱাহাটীত আছে

অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোহাঁই সম্প্ৰতি গুৱাহাটীত আছে

অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোহাঁই সম্প্ৰতি গুৱাহাটীত আছে

  • Share this:
অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোহাঁই সম্প্ৰতি গুৱাহাটীত আছে। দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে বিশ্বৰ দ্বিতীয় স্থানৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই।

২০২০ চনত জৰ্ডানৰ খেলৰ জৰিয়তে টকিঅ’ অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জন কৰিছিল অসম সন্তান লাভলীনা বৰগোহাঁইয়ে। আগন্তুক নতুন বছৰত লাভলীনাৰ একমাত্ৰ লক্ষ্য হ’ল টকিঅ’ অলিম্পিক গেমছৰ  স্বৰ্ণপদক অৰ্জন।

২০২০ চনত জৰ্ডানৰ অলিম্পিকৰ কোৱালিফায়িঙত সফল হ’লেও লাভলীনা আক্ৰান্ত হৈছিল কোভিড ১৯ত। সাহসী বক্সাৰ লাভলীনাই অৱশ্যে কোভিডকো অনায়সে পৰাজিত কৰিছিল।

ল’ক ডাউনৰ সময়ত গোলাঘাটৰ বৰপথাৰৰ ঘৰতে পাৰ কৰিছিল লাভলীনাই। সেই সময়ত নিয়মিত অনুশীলনৰ মাজতে ঘৰত খেতি আৰু গোহালিৰ কামত মাক দেউতাকক সহায় কৰিছিল লাভলীনাই। কোভিডৰ বাবে এবছৰ পিছুৱাই যোৱা টকিঅ’ অলিম্পিক গেমছৰ বাবে পাটিয়ালাত থাকিয়েই অনুশীলন চলাব লাভলীনা বৰগোহাঁইয়ে। লাভলীনাকলৈ আশাবাদী অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি