নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একেলগে নৈশ আহাৰ গ্ৰহণ কৰিলে অলিম্পিক গেমছৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চৰকাৰী বাসগৃহতে দেউতাক টিকেন বৰগোহাঁই সৈতে সম্পূৰ্ণ অসমীয়া এসাজ খালে লাভলীনা বৰগোহাঁইয়ে। বহু দিনৰ মূৰত নিজৰ আপোন অসমীয়া আহাৰ খাবলৈ পাই অভিভূত হৈ পৰে লাভলীনা।
একেলগে আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে লাভলীনা বৰগোহাঁইক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জনোৱাৰ লগতে ভৱিষ্যতৰ খেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ইফালে টকিঅ' অলিম্পিকৰ পদকেৰে বৃহস্পতিবাৰে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'বহি সফল বক্সাৰ লাভলীনা বৰগোহাঁই। এদিনৰ বাবে বৃহস্পতিবাৰে পুৱা গুৱাহাটীত আহি উপস্থিত হ'ব লাভলীনা
টকিঅ'ৰ ৩২ সংখ্যক অলিম্পিক গেমছত ইতিহাস সৃষ্টি কৰা লাভলীনা বৰগোহাঁইক বৰঝাৰ বিমান বন্দৰত ৰেড কাৰ্পেট পাৰি আদৰণি জনাব স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই।
বিয়লি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে লাভলীনা বৰগোহাঁইক জনাব সম্বৰ্ধনা। নিউজ১৮ক এই কথা জনালে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে। কোভিড প্ৰটকলৰ বাবে লাভলীনা বৰগোহাঁইক বৰঝাৰৰ পৰা দিছপুৰলৈ শোভাযাত্ৰা কৰি আনিবলগীয়া কাৰ্য্যসূচী বাতিল কৰিছে ৰাজ্য চৰকাৰে।
অসমৰ দুগৰাকী বক্সাৰ ক্ৰমে শিৱ থাপা আৰু লাভলীনা বৰগোহাঁইয়ে বিগত তিনিবাৰৰ অলিম্পিক গেমছ ক্ৰমে ২০১২ চনৰ লণ্ডন, ২০১৬ চনৰ ৰিঅ' আৰু এইবাৰৰ টকিঅ'ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰাত সুখী বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান তথা অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা।
বৃহস্পতিবাৰে নিশা লাভলীনাৰ সৈতে অসম বক্সিঙৰ কৰ্মকৰ্তাই নৈশ আহাৰ গ্ৰহণ কৰিব। শুকুৰবাৰে পুৱা সংবাদ মাধ্যমক সম্বোধন কৰি লাভলীনা পুনৰ উৰা মাৰিব নতুন দিল্লীলৈ। নতুন দিল্লীত লাভলীনা বৰগোহাঁইয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্য্যসূচীত অংশ ল'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|