মুখ্যপৃষ্ঠা »খবৰ »অসম »Tokyo Olympicsৰ বাবে ক'ত কেনে অনুশীলনত ব্যস্ত লাভলীনা বৰগোহাঁই? ৯ জুলাইত পাব দলীয় ব্লেজাৰ

Tokyo Olympicsৰ বাবে ক'ত কেনে অনুশীলনত ব্যস্ত লাভলীনা বৰগোহাঁই? ৯ জুলাইত পাব দলীয় ব্লেজাৰ

অসমৰ লাভলীনা বৰগোহাঁই থকা ভাৰতীয় বক্সিং দলটো ১৬ জুলাইত জাপানৰ অলিম্পিক গেমছৰ বাবে ৰাওনা হ'ব।

অসমৰ লাভলীনা বৰগোহাঁই থকা ভাৰতীয় বক্সিং দলটো ১৬ জুলাইত জাপানৰ অলিম্পিক গেমছৰ বাবে ৰাওনা হ'ব।

অসমৰ লাভলীনা বৰগোহাঁই থকা ভাৰতীয় বক্সিং দলটো ১৬ জুলাইত জাপানৰ অলিম্পিক গেমছৰ বাবে ৰাওনা হ'ব।

  • Share this:

আৰু কেইদিনমান পিছতে জাপানৰ ৰাজধানী চহৰ টকিঅ'ত অনুষ্ঠিত হ'ব অলিম্পিক গেমছ। টকিঅ' অলিম্পিক গেমছলৈ অসমৰ পৰা একমাত্ৰ খেলুৱৈ হিচাপে যোগ্যতা অৰ্জন কৰিছে অসমৰ সফল মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে। বিগত বৰ্ষত জৰ্ডানৰ  কোৱালিফায়িঙৰ জৰিয়তে টকিঅ' অলিম্পিক (Tokyo Olympic)লৈ যোগ্যতা অৰ্জন কৰা অসমৰ লাভলীনা বৰগোহাঁয়ে  সম্প্ৰতি সপোন দেখিছে অলিম্পিক গেমছৰ স্বৰ্ণপদকৰ। ইয়াৰ বাবে বহু পৰিশ্ৰম কৰি অনুশীলন কৰি থকা লাভলীনা বৰগোহাঁয়ে উন্নত অনুশীলনৰ বাবে সম্প্ৰতি ট্ৰেইনিং লৈ আছে ইটালীৰ ৰাজধানী চহৰ ৰোমত।


লাভলীনা বৰগোহাঁইৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় অলিম্পিক সন্থাই সাজু কৰিছে গেমছৰ কীট আৰু মাৰ্চপাৰ্চৰ বাবে ব্লেজাৰ। অলিম্পিকত অংশ ল'বলগীয়া ভাৰতীয় দলৰ ব্লেজাৰটো অত্যাধুনিক। অত্যাধুনিক এই ভাৰতীয় দলৰ ব্লেজাৰটো ৯ জুলাইত চমজি ল'ব লাভলীনাই।  ইটালীৰ পৰা লাভলীনা বৰগোহাঁই ৮ জুলাইত আহি নতুন দিল্লীত উপস্থিত হ'ব।


উল্লেখযোগ্য যে অলিম্পিকৰ পূৰ্বে গেমছলৈ যোগ্যতা অৰ্জন কৰা পাঁচগৰাকী পুৰুষ আৰু চাৰিগৰাকী মহিলাকে ধৰি মুঠ ৯ গৰাকী বক্সাৰক ইটালী (Italy)লৈ পঠিয়াইছে বক্সিং ইণ্ডিয়া (Boxing India)ই। কেৱল সেয়ে নহয়, ৯ গৰাকী ভাৰতীয় বক্সাৰৰ বিপৰীতে ইটালীলৈ গৈছে আন ২৯ গৰাকী প্ৰশিক্ষক, ফিজিঅ' ট্ৰেইনাৰ আৰু কৰ্মকৰ্তা।ইটালীত পোন্ধৰ দিনীয়া বিশেষ অনুশীলনত অংশ লৈ ভাৰতীয় দলটোৱে ৮ জুলাইত পুনৰ স্বদেশলৈ উভতি আহি নতুন দিল্লীতে আকৌ চলাব অলিম্পিক গেমছৰ প্ৰস্তুতি।


অসমৰ লাভলীনা বৰগোহাঁই থকা ভাৰতীয় বক্সিং দলটো ১৬ জুলাইতহে জাপানৰ অলিম্পিক গেমছৰ বাবে ৰাওনা হ'ব। অলিম্পিকৰ ছদিন পূৰ্বে টকিঅ'ত উপস্থিত হ'বলগীয়া ভাৰতীয় দলৰ খেলুৱৈসকলে গেমছ ভিলেজলৈ যোৱাৰ পূৰ্বে নিৰ্দিষ্ট হোটেলত ৫ দিন কোৱাৰেন্টাইন হ'ব লাগিব। অৰ্জুন বঁটা বিজয়ী অসমৰ সফল বক্সাৰ লাভলীনা বৰগোহাঁইক লৈ এইবাৰ প্ৰতিজন অসমবাসীয়ে আশাৰে বাট চাইছে।

শেহতীয়া বাতৰি