প্ৰশিক্ষকৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল বিশ্ব চেম্পিয়ন বক্সাৰ অংকুশিতা বড়ো

News18 Assam | News18-Assam
Updated:April 24, 2021, 8:36 AM IST
প্ৰশিক্ষকৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল বিশ্ব চেম্পিয়ন বক্সাৰ অংকুশিতা বড়ো
স্বামী ত্ৰিদিপ বড়াই ২৫ এপ্ৰিলত গুৱাহাটীত আয়োজন কৰিছে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। 

স্বামী ত্ৰিদিপ বড়াই ২৫ এপ্ৰিলত গুৱাহাটীত আয়োজন কৰিছে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। 

  • Share this:
বৃহস্পতিবাৰে বিবাহপাশত আবদ্ধ হ'ল বিশ্ব চেম্পিয়ন তথা অসমৰ সফল বক্সাৰ অংকুশিতা বড়ো। তাৰকা খেলুৱৈগৰাকীয়ে প্ৰশিক্ষক ত্ৰিদিৱ বড়াৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে। অংকুশিতাৰ ঘৰ শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ মেঘাইজাৰণিত।

উল্লেখযোগ্য যে, ২০১৭ত গুৱাহাটীৰ সৰু-সজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত আইবা বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদকৰ লগতে বিশ্বৰ শ্ৰেষ্ঠ বক্সাৰৰ সন্মান লাভ কৰিছিল অংকুশিতাই। সেই সময়ত আইবা বক্সিঙত উজলি উঠা অংকুশিতা বড়ো সমগ্ৰ দেশত জনপ্ৰিয় হৈ পৰিছিল।

কেৱল ইমানেই নহয়, বিগত বর্ষৰ ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়াতো অসমৰহৈ স্বৰ্ণপদক অৰ্জন কৰিছিল অংকুশিতা বড়োৱে। প্ৰতিভাৱান বক্সাৰ অংকুশিতাৰ সফলতাৰ আঁৰত আছিল তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক তথা এন আই এছ প্ৰশিক্ষক ত্ৰিদিপ বড়াৰ অৱদান। স্বামী ত্ৰিদিপ বড়াই ২৫ এপ্ৰিলত গুৱাহাটীত আয়োজন কৰিছে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।
Published by: Himangshu Bhuyan
First published: April 24, 2021, 8:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি