• Home
  • »
  • News
  • »
  • assam
  • »
  • Assamese Film Local Utpaat: অসমীয়া চলচ্চিত্ৰ "লোকেল  উৎপাত"ৰ বক্স অফিচ কালেকচন ১ কোটি, ৰাইজলৈ কৃতজ্ঞতা নিৰ্মাতাৰ

Assamese Film Local Utpaat: অসমীয়া চলচ্চিত্ৰ "লোকেল  উৎপাত"ৰ বক্স অফিচ কালেকচন ১ কোটি, ৰাইজলৈ কৃতজ্ঞতা নিৰ্মাতাৰ

Local Utpaat box office collection: প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে।

Local Utpaat box office collection: প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে।

Local Utpaat box office collection: প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে।

  • Share this:
যোৱা ১৩ মে'ত অসমৰ ছবিগৃহত মুক্তি পোৱা "লোকেল  উৎপাত" চলচ্চিত্ৰখনৰ প্ৰতি অসমৰ দৰ্শকৰ সঁহাৰি সন্তোষজনক আছিল। ৰাজ্যৰ বহু দৰ্শকে লোকেল উৎপাত চোৱাৰ বাবে একপ্ৰকাৰ তাড়না অনুভৱ কৰিছিল। ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে ছবিখনৰ বক্স অফিচ কালেকচনত।

প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ ছবিখনৰ পৰিচালনা কৰিছে কেনি দেউৰী বসুমতাৰীয়ে। তেওঁ পূৰ্বে ''লোকেল কুংফু'' চলচ্চিত্ৰৰ জৰিয়তে ইতিমধ্যে দৰ্শকৰ মন জয় কৰি থৈছিল।

১৩ মে'ত অসমৰ ৩৫টা ছবি গৃহত মুক্তি পোৱা চলচ্চিত্ৰখনৰ বক্স অফিচ কালেকচনে (Local utpaat box office collection) ১ কোটিৰ ঘৰ স্পৰ্শ কৰে। ছবিখনত অভিনয় কৰা কলা–কুশলীৰ লগতে পৰিচালকে এইক্ষেত্ৰত ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

উল্লেখ্য, বক্স অফিচত সফলতা লাভ কৰাৰ পিছত এতিয়া লোকেল উৎপাত (Assamese Film Local Utpaat) চলচ্চিত্ৰখন অসমৰ ভিতৰুৱা অঞ্চলৰ লগতে অসমৰ বাহিৰতো ছবিখন মুক্তি দিয়াৰ কথা ভবা হৈছে। দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰুত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷
Published by:Gautam Barman
First published: