‘ৰত্নাকৰ’ৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় হ’ব নেকি প্ৰিয়ংকা চোপ্ৰা! অসমীয়া দৰ্শকে কাক দিব প্ৰাধান্য?

বক্স অফিছ ক্লেচ, যতীন বৰা বনাম প্ৰিয়ংকা চোপ্ৰা!

News18-Assam
Updated:October 8, 2019, 5:49 PM IST
‘ৰত্নাকৰ’ৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় হ’ব নেকি প্ৰিয়ংকা চোপ্ৰা! অসমীয়া দৰ্শকে কাক দিব প্ৰাধান্য?
বক্স অফিছ ক্লেচ, যতীন বৰা বনাম প্ৰিয়ংকা চোপ্ৰা!
News18-Assam
Updated: October 8, 2019, 5:49 PM IST
অহা ১১ অক্টোবৰত মুক্তিলাভ কৰিব যতীন বৰা অভিনীত আৰু পৰিচালিত নতুন অসমীয়া ছবি ৰত্নাকৰ। ছবিখনৰ বাবে এতিয়া দুৰন্ত গতিত প্ৰচাৰ চলাইছে অভিনেতা যতীন বৰাৰ লগতে ছবিখনৰ সমূহ কলা কৌশলীয়ে। কিন্তু ছবিখনৰ সন্মুখত এতিয়া এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে প্ৰিয়ংকা চোপ্ৰাই! ১১ অক্টোবৰৰ দিনাই ছবিগৃহলৈ আহিব প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখটাৰ অভিনীত ছবি The Sky is Pink।ইতিমধ্যে বিভিন্ন চলচিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শীত হৈছিল যদিও, আশা কৰা ধৰণে ছবিখনে মোহিত কৰিব পৰা নাছিল চলচিত্ৰ সমালোচকক। ৰেটিং দিছিল ১০ ৰ ভিতৰত ৪.৫।



যোৱা বহু বছৰ বলিউড পৰা আঁতৰত আছিল প্ৰিয়ংকা চোপ্ৰা। বিবাহৰ পিছত প্ৰথমবাৰৰ বাবে বলিউদৰ পৰ্দাত দেখা যাব প্ৰিয়ংকা চোপ্ৰাক। ছবিখন পৰিচালনা কৰিছে সোণালী বসুৱে।



অসমীয়া ছবিৰ প্ৰতি দৰ্শকে আকৌ এবাৰ দেখাব নেকি উদাসীনতা? নে দাক্ষিণাত্য বা পশ্চিম বংগৰ দৰে নিজৰ ভাষাৰ ছবিক অসমীয়া দৰ্শকে আদৰি লৈ সেয়া  স্পষ্ট হৈ পৰিব ১১ অক্টোবৰৰ পিছত। যিদৰে কাঞ্চনজংঘাই ওফৰাইছিল Saahoৰ দৰে ছবিক থিক সেইদৰে ৰত্নাকৰে ওফৰাব পাৰিবনে The Sky is Pink ক?

লগতে পঢ়ক

বেডৰুমত প্ৰিয়ংকা–ফাৰহানৰ ৰোমাঞ্চ, ‘দ্য স্কাই ইজ পিংক’ৰ ভিডিঅ’ লীক
আৰু চাওক পৰৱৰ্তী বাতৰি