আৰক্ষীয়ে অভিযান কালত আটকাধীন লোকসকলৰ পৰা 94,392 টকা নগদ ধন আৰু লটাৰীৰ অবৈধ টিকটো জব্দ কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষীয়ে অভিযান কালত আটকাধীন লোকসকলৰ পৰা 94,392 টকা নগদ ধন আৰু লটাৰীৰ অবৈধ টিকটো জব্দ কৰিবলৈ সক্ষম হৈছে ৷
বৰপেটাৰোড আৰক্ষীয়ে সোমবাৰে তীৰ আৰু লটাৰী টিকটৰ বিৰুদ্ধে অভিযান চলাই ১০ জনকৈ লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতা আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক চাণক্য দেউৰীৰ নেতৃত্বত বৰপেটাৰোড চহৰৰ অলিয়ে গলিয়ে অভিযান চলাই তীৰ আৰু লটাৰী টিকট বিক্ৰেতাকেইজনক আটক কৰে।
আটক কৰা লোককেইজন ক্ৰমে টিংকু বৰ্মন, বানটি সাহা, সোনাৰাম দৈমাৰী, পৰেশ পণ্ডিত, মুৰতাজ আলী, মিজানুৰ ৰহমান,ৰাজীৱ নাথ, বিশ্বজিত দে, কৃষ্ণ ৰায় আৰু দীনেশ কুমাৰ পাচোৱান ৷ আৰক্ষীয়ে অভিযান কালত আটকাধীন লোকসকলৰ পৰা 94,392 টকা নগদ ধন আৰু লটাৰীৰ অবৈধ টিকটো জব্দ কৰিবলৈ সক্ষম হৈছে ৷
একাংশ লটাৰী মাফিয়াই বৰপেটাৰোড চহৰত দীৰ্ঘদিনৰে পৰাই অবাধে তীৰ আৰু লটাৰী টিকট বিক্ৰী কৰি আহিছিল ৷ যাৰফলত বহু লোক সৰ্বস্বান্ত হৈ পৰিছে ৷ বৰপেটাৰোডৰ সচেতন নাগৰিকে বৰপেটাৰোডত চলি থকা লটাৰী বন্ধ কৰিবলৈ সময়ে সময়ে দাবী উত্থাপন কৰি আহিছিল যদিও তীৰ আৰু লটাৰী বন্ধ হোৱা নাছিল ৷
শেহতীয়াকৈ বৰপেটাৰোড আৰক্ষী থানাত বিপুল কলিতা নামৰ এগৰাকী আৰক্ষী বিষয়াই থানাখনৰ দায়িত্বভাৰ লোৱাৰ পিছত চহৰখনত সংঘটিত হৈ থকা বিভিন্ন অপৰাধ মূলক কাৰ্যকলাপ বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ বৰপেটাৰোড তীৰ আৰু লটাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এই অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে চহৰখনৰ সচেতন মহলে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|