உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সাৱধান হওক, ৰাজ্যত নাৰী সৰবৰাহৰ বৃহত্‍ জাল! দিল্লীলৈ কিশোৰী সৰবৰাহৰ যো-জা চলাওতেই আৰক্ষীৰ জালত পৰিল দুই যুৱক

    সাৱধান হওক, ৰাজ্যত নাৰী সৰবৰাহৰ বৃহত্‍ জাল! দিল্লীলৈ কিশোৰী সৰবৰাহৰ যো-জা চলাওতেই আৰক্ষীৰ জালত পৰিল দুই যুৱক

    কিশোৰীগৰাকী ওদালগুৰি জিলাৰ টংলাৰ আৰু যুৱক দুজনৰ ঘৰ বাক্সা জিলাৰ বাহবাৰীত বুলি জানিব পৰা গৈছে।

    কিশোৰীগৰাকী ওদালগুৰি জিলাৰ টংলাৰ আৰু যুৱক দুজনৰ ঘৰ বাক্সা জিলাৰ বাহবাৰীত বুলি জানিব পৰা গৈছে।

    কিশোৰীগৰাকী ওদালগুৰি জিলাৰ টংলাৰ আৰু যুৱক দুজনৰ ঘৰ বাক্সা জিলাৰ বাহবাৰীত বুলি জানিব পৰা গৈছে।

    • Share this:
    বৰপেটাৰোড ৰে'ল ষ্টেচনত  নামনিমুৱা নৰ্থইষ্ট এক্সপ্ৰেছত দুজন যুৱকে এগৰাকী কিশোৰীক দিল্লীলৈ লৈ যোৱাৰ সময়ত বৰপেটাৰোড ৰে'লৱে আৰক্ষীয়ে কৌশলেৰে যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয়।

    কিশোৰীগৰাকী ওদালগুৰি জিলাৰ টংলাৰ আৰু যুৱক দুজনৰ ঘৰ বাক্সা জিলাৰ বাহবাৰীত বুলি জানিব পৰা গৈছে।ছোৱালীজনীক কাম দিয়াৰ প্ৰলোভনেৰে ফুচুলাই দিল্লীলৈ লৈ যাব খুজিছিল যদিও ৰে'লৱে আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয়।

    বিশেষ সূত্ৰৰ পৰা আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আদিবাসী ছাত্র সন্থাৰ বাহবাৰী আঞ্চলিক সমিতিৰ নেতৃবৃন্দ। আজিৰ এই ঘটনাক কঠোৰ ভাবে নিন্দা কৰে বৰপেটা জিলাৰ শিৱসেনাৰ প্ৰাক্তন সভাপতি দেৱব্ৰত সিনহাই।

    ইফালে বৰ্তমান সময়ত সক্ৰিয় হৈ পৰা নাৰী সৰবৰাহ চক্ৰৰ লগত উক্ত যুৱক দুজনৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ৰাজ্যৰ কিছু পিছপৰা অঞ্চলত  এনেবোৰ নাৰী সৰবৰাহ ঘটনাৰ লগত একাংশ দুষ্ট চক্ৰ জড়িত থকা বুলি মন্তব্য কৰাৰ লগতে ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই আৰক্ষীয়ে।
    Published by:Himangshu Bhuyan
    First published: