বৰডুমচাত বোৱাৰী হত্যা, ক্ষুব্ধ ৰাইজে হত্যাকাৰী স্বামীৰ চোতালত পুতিলে মৃতদেহ

মাথোঁ এবছৰ পূৰ্বে ৰিতুকঁঠালগুৰিৰ প্ৰিয়ংকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মধু মৰাণ নামৰ যুৱকজন।

News18-Assam
Updated:July 8, 2019, 10:12 PM IST
বৰডুমচাত বোৱাৰী হত্যা, ক্ষুব্ধ ৰাইজে হত্যাকাৰী স্বামীৰ চোতালত পুতিলে মৃতদেহ
মাথোঁ এবছৰ পূৰ্বে ৰিতুকঁঠালগুৰিৰ প্ৰিয়ংকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মধু মৰাণ নামৰ যুৱকজন।
News18-Assam
Updated: July 8, 2019, 10:12 PM IST
বৰডুমচাৰ মহঙত উত্তপ্ত পৰিস্থিতি। দেওবাৰে স্বামী আৰু শাহুৱেকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী নৱবিবাহিতা বোৱাৰীক। হত্যা কৰাৰ পিছত কেৰাচিন ঢালি জ্বলাই দিছিল প্ৰিয়ংকা চেতিয়া নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ। ইতিমধ্যে অভিযুক্ত স্বামী আৰু শাহুৱেকক আৰক্ষীয়ে আটক কৰিছে। মাথোঁ এবছৰ পূৰ্বে ৰিতুকঁঠালগুৰিৰ প্ৰিয়ংকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মধু মৰাণ নামৰ যুৱকজন।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, বহুদিনৰ পৰা শাহু আৰু বোৱাৰীৰ মাজত যৌতুকজনিত কাৰণত কাজিয়া চলি থকাৰ লগতে স্বামী মধু মৰাণে ড্ৰাগছ সেৱন কৰি নিজ পত্নীৰ ওপৰত নিতৌ চলাইছিল নিৰ্যাতন।

আজি বোৱাৰীগৰাকীৰ মৃতদেহ সৎকাৰক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰাইজে হত্যাকাৰী স্বামীৰ ঘৰৰ চোতালতে পুতিলে প্ৰিংয়কাৰ মৃতদেহ। ইয়াকে লৈ আৰক্ষীৰ সৈতে সংঘাত হয় আৰক্ষীৰ। আৰক্ষীৰ সৈতে গাঁওবাসীৰ তুমুল বাক–বিতণ্ডা হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি