চৰকাৰে হেনো মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰিলে! এটা অঞ্চলৰ শ শ মহিলাই আবতৰীয়া বিহুু পাতি আয়োজন কৰিলে ভোজ–ভাতৰ

News18 Assam | News18-Assam
Updated:January 4, 2021, 11:18 AM IST
চৰকাৰে হেনো মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰিলে! এটা অঞ্চলৰ শ শ মহিলাই আবতৰীয়া বিহুু পাতি আয়োজন কৰিলে ভোজ–ভাতৰ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মাইক্ৰ’ ফাইনেন্সসমূহক নিয়ন্ত্ৰণ কৰিবলৈ বিল উত্থাপন কৰিছিল৷ কিন্তু এইসকল মহিলাই বুজিলে মাইক্ৰ’ ফাইনেন্সৰ ঋণ হেনো চৰকাৰে সকলো মাফ কৰিলে৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মাইক্ৰ’ ফাইনেন্সসমূহক নিয়ন্ত্ৰণ কৰিবলৈ বিল উত্থাপন কৰিছিল৷ কিন্তু এইসকল মহিলাই বুজিলে মাইক্ৰ’ ফাইনেন্সৰ ঋণ হেনো চৰকাৰে সকলো মাফ কৰিলে৷

  • Share this:
এটা অঞ্চলৰ মহিলাসকলে আয়োজন কৰিলে ভোজ–ভাত ৷ পাতিলে আবতৰীয়া বিহু৷ কিন্তু ভোজ–ভাত কিহৰ বাবে আয়োজন কৰিছে তেওঁলোকে? ইয়াৰ ৰহস্য জানি আপুনি হতবাক হ’ব৷ এয়া কোনো ন- খোৱা বা নতুন বছৰৰ ভোজ–ভাত নহয়৷ মাইক্ৰ’ ফাইনেন্সৰ ঋণ হেনো চৰকাৰে মাফ কৰিলে! চৰকাৰে বিধানসভাত উত্থাপন কৰা মাইক্ৰ’ ফাইনেন্সৰ বিল সন্দৰ্ভত বিভ্ৰান্ত হৈ শোণিতপুৰৰ বৰছলাৰ এইসকল মহিলাই ভোজ–ভাতৰ আয়োজন কৰি পাতিলে আবতৰীয়া বিহু৷

শেহতীয়াকৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মাইক্ৰ’ ফাইনেন্সসমূহক নিয়ন্ত্ৰণ কৰিবলৈ বিল উত্থাপন কৰিছিল৷ কিন্তু এইসকল মহিলাই বুজিলে মাইক্ৰ’ ফাইনেন্সৰ ঋণ হেনো চৰকাৰে সকলো মাফ কৰিলে৷ তেওঁলোকে লোৱা ঋণ আৰু দিব নালাগে৷ সেয়ে শোণিতপুৰ বৰছলাৰ একাংশ মহিলাই ইয়াক লৈ আয়োজন কৰিলে ভোজৰ৷

ভোজত মাছ–মাংস, দাইল সকলো আইটেমেই ৰাখিলে৷ সকলো মহিলাই উদৰ পুৰাই খাই নাচি–বাগি মতলীয়া হ’ল৷ ৰৌটোকে ঢৌ ভাবি চৰকাৰৰ ঘোষণাত বিভ্ৰান্ত হৈ এইসকল মহিলাই ভোজ–ভাত আয়োজন কৰি আনন্দ–উল্লাস কৰি এতিয়াৰে পৰা মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ কিস্তি আৰু নিদিয়াৰ কথাও প্ৰকাশ কৰিলে৷

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰীয়ে মাইক্ৰ’ ফাইনেন্সৰ বিধেয়কখন বিধানসভাত উত্থাপন কৰি কৈছিল, কিস্তি আদায়ৰ নামত মাইক্ৰ’ ফাইনেন্সে কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব, কৰিলে আইনী ব্যৱস্থা ল’ব৷ কিন্তু শোণিতপুৰৰ বৰছলাৰ বহু মহিলাই ইয়াক লৈ বিভ্ৰান্ত হৈ চৰকাৰে হেনো সকলো মাফ কৰিলে বুলি এনেকৈ ভোজ–ভাত আয়োজন কৰি নাচি–বাগি হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ আদি ধ্বনিও দিলে। কিন্তু প্ৰকৃত সত্যক নুবুজি এনেকৈ ভোজ–ভাত আয়োজন কৰাক লৈ অঞ্চলটোৰ লোকসকলৰ মাজত এক হাঁহিৰ খোৰাক যোগাইছে৷ ইফালে এইসকল মহিলাক এতিয়া বুজাব কোনে সেয়াহে লক্ষ্যণীয় হ’ব৷
Published by: Sanjay Kumar Das
First published: January 4, 2021, 9:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি