• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাৰ সাংস্কৃতিক বৈভৱ সামৰি অক্ষয় কুমাৰ মিশ্ৰৰ ''সুৰৰ সূতাৰে গঁথা মালাধাৰ'' শীৰ্ষক গ্ৰন্থ উন্মোচন

বৰপেটাৰ সাংস্কৃতিক বৈভৱ সামৰি অক্ষয় কুমাৰ মিশ্ৰৰ ''সুৰৰ সূতাৰে গঁথা মালাধাৰ'' শীৰ্ষক গ্ৰন্থ উন্মোচন

সংকলনখনৰ জৰিয়তে বৰপেটাৰ হেৰাই যাব ধৰা লোকসংগীত আৰু লোকসংস্কৃতি পুনৰুদ্ধাৰ কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে

সংকলনখনৰ জৰিয়তে বৰপেটাৰ হেৰাই যাব ধৰা লোকসংগীত আৰু লোকসংস্কৃতি পুনৰুদ্ধাৰ কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে

সংকলনখনৰ জৰিয়তে বৰপেটাৰ হেৰাই যাব ধৰা লোকসংগীত আৰু লোকসংস্কৃতি পুনৰুদ্ধাৰ কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে

  • Share this:
সোমবাৰে বৰপেটাৰ বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ 'সুৰৰ সূতাৰে গঁথা' শীৰ্ষক গ্ৰন্থখনৰ দ্বিতীয় খণ্ডটো উন্মোচন কৰা হয় ৷ বৰপেটাৰ লোকসংগীত, সত্ৰীয়া সংগীত আৰু আধুনিক সংগীতৰ বিশাল ভাণ্ডাৰৰ মণি মুকুতা সামৰি অক্ষয় কুমাৰ মিশ্ৰই ৰচনা কৰা ৮খন সংগীতালেখ্যৰ সংকলনখন সোমবাৰে বৰপেটাৰ কেইবাগৰাকীও প্ৰখ্যাত শিল্পী গুণীন্দ্ৰ নাথ ওজা, নকুল দাস, হেমেন দাস, প্ৰমথৰঞ্জন কন্টি আৰু অমেন কুমাৰ বায়নে উন্মোচন কৰে ৷

সংকলনখনত মূলতঃ বৰপেটাৰ বৰগীত, নাওখেলৰ গীত, থিয় নাম, বিয়াগীত, লোক-কথা আৰু লোক-সংস্কৃতি, বৰপেটাৰ নাট্যধাৰা আৰু তানসেন ৰূপে পৰিচিত গিৰীশ দাসৰ ওপৰত লিখা মুঠ ৮ খন সংগীতালেখ্য সন্নিৱিষ্ট হৈছে ৷

এই সংকলনখনৰ জৰিয়তে বৰপেটাৰ হেৰাই যাব ধৰা লোকসংগীত আৰু লোকসংস্কৃতি পুনৰুদ্ধাৰ কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ ইয়াৰ পূৰ্বে ২০০৬ চনত সুৰৰ সূতাৰে গঁথা মালাধাৰ'ৰ প্ৰথম খণ্ডটো প্ৰকাশ পাইছিল ৷ অক্ষয় কুমাৰ মিশ্ৰৰ এই গ্ৰন্থ উন্মোচনী সভাত বৰপেটাৰ সামাজিক, সাংস্কৃতিক আৰু সাহিত্যক্ষেত্ৰৰে জড়িত বহু লোক উপস্থিত থাকে ৷
Published by:Gautam Barman
First published: