নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অহা ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিতব্য নগাঁও গ্ৰন্থমেলা-২০২২ৰ আজি মূল খুঁটা স্থাপন কৰে নগাঁও গ্ৰন্থমেলাৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
গ্ৰন্থমেলাস্থলীৰ মূল খুঁটা স্থাপন কৰি বিধায়ক শৰ্মাই ১৯৯৬ চনৰ পৰা নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক গোষ্ঠী 'কল্লোল'ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত প্ৰথম অৱস্থাত প্ৰতিবছৰে আৰু পিছলৈ দুবছৰৰ অন্তৰে অন্তৰে নেহৰুবালিত অনুষ্ঠিত কৰি অহা নগাঁও গ্ৰন্থমেলাৰ গৌৰৱোজ্জ্বল ইতিহাস দোহাৰি কয় যে গ্ৰন্থমেলাই সাহিত্য অনুৰাগী আৰু কিতাপ পঢ়াৰ পৰিৱেশ সৃষ্টি কৰে।
বিধায়ক শৰ্মাই নগাঁও গ্ৰন্থমেলাত ৰাইজৰ সহযোগ আৰু অংশগ্ৰহণ কামনা কৰে। আনহাতে নগাঁও গ্ৰন্থমেলাৰ কাৰ্যকৰী সভাপতি তথা জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মূল খুঁটা স্থাপন অনুষ্ঠানত অংশগ্রহণ কৰি নগাঁও গ্ৰন্থমেলাৰ জৰিয়তে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থৰ প্ৰতি অনুৰাগ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে।
নগাঁও গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদকদ্বয় নৌচাদ আখতাৰ হাজৰিকা আৰু শিৱানন্দ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত প্ৰাক্তন প্ৰশাসনিক বিষয়া চন্দ্ৰমোহন কাকতি, বিশিষ্ট সমাজকর্মী ৰঞ্জিত তামুলী ফুকন প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু সাহিত্য অনুৰাগীয়ে অংশগ্ৰহণ কৰে।
আনহাতে নগাঁও গ্ৰন্থমেলাত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ ভালেকেইটা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি সভাপতি ৰূপক শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। নগাঁও গ্ৰন্থমেলাত লেখক, পঢ়ুৱৈ আৰু গ্ৰন্থমেলাৰ মাজত সমন্বয় গঢ়ি তোলাৰ প্ৰচেষ্টাৰে গ্ৰন্থমেলা উন্মোচন, আলোচনা চক্ৰ, কবি সন্মিলন, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
উল্লেখ্য যে কল্লোলৰ উদ্যোগত নেহৰুবালিত দুবছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা নগাঁও গ্ৰন্থমেলা কোভিডজনিত জটিল পৰিস্থিতিৰ বাবে বিগত বৰ্ষত অনুষ্ঠিত কৰিব পৰা নগৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|