• Home
  • »
  • News
  • »
  • assam
  • »
  • অনন্য প্ৰতিভা! মুখেৰে ছবি আঁকি চমক দিছে বঙাইগাঁৱৰ এজন যুৱকে

অনন্য প্ৰতিভা! মুখেৰে ছবি আঁকি চমক দিছে বঙাইগাঁৱৰ এজন যুৱকে

কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সৌৰভে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি সুধাকষ্ঠ ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি ব্যক্তিৰ ছবি আঁকিবলৈ সক্ষম হৈছে৷

  • Share this:
চিৰাঙৰ ২৩ বছৰীয়া এজন যুৱকে মুখেৰে চিত্ৰ অংকন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সৌৰভ মণ্ডল নামৰ যুৱকজনে ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

বাসুগাঁৱৰ সৌৰভ মণ্ডলে হাতৰ সলনি মুখৰে আঁকিছে ইখনৰ পিছত সিখন ছবি৷ মুখত তুলিকা লৈ ওলোটাকৈ সৌৰভে আকি গৈছে বৰণ্য ব্যক্তিৰ ছবি৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সৌৰভে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি সুধাকষ্ঠ ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি ব্যক্তিৰ ছবি আঁকিবলৈ সক্ষম হৈছে৷ এইদৰে ব্যতিক্ৰমীভাৱে চিত্ৰ অংকন কৰোতে সৌৰভক মাত্ৰ আঠৰ পৰা দহ মিনিট সময়হে প্ৰয়োজন হয়৷

সৰুৰে পৰা চিত্ৰাংকন কৰি ভাল হোৱা সৌৰভে প্ৰায় এসপ্তাহ মানৰ পূৰ্বে বিদেশৰ দুয়োখন হাত নথকা চিত্ৰশিল্পী এগৰাকীয়ে চিত্ৰ অংকন কৰাৰ দৃশ্য ইউটিউবত প্ৰত্যক্ষ কৰি অনুপ্ৰাণিত হয় আৰু পৰৱৰ্তী সময়ত নিজে এইদৰে ছবি আঁকিবলৈ চেষ্টা কৰে৷ ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ ৩য় ষান্মাসিকৰ ছাত্ৰ সৌৰভে পূৰ্বৰ পৰাই ব্যতিক্ৰমী কাৰ্যকলাপ কৰি ভাল পোৱা বুলি জানিবলৈ দিয়ে৷ বাসুগাঁৱৰ সুভাষ নগৰৰ নিবাসী  সাধন মণ্ডল আৰু বুলু মণ্ডলৰ পুত্ৰ সৌৰভ৷
Published by:Sanjay Kumar Das
First published: