গৰু বিহুৰ দিনাই বঙাইগাঁৱত অঘটন ৷ আকস্মিকভাৱে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাতিলাদহা তিনিআলিত দপদপকৈ জ্বলি উঠিল এখন ট্ৰেভেলাৰ ৷ ট্ৰেভেলাৰখনত জুই জ্বলাৰ উমান পাই প্ৰাণৰক্ষাৰ বাবে কথমপি জপিয়াই নামে চালক আৰু সেনা জোৱানসকল৷
সেনা বাহিনীৰ অধীনত চলা ট্ৰেভেলাৰখন বঙাইগাঁৱৰ পৰা তামুলপুৰ অভিমুখে আছিল৷যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ অগ্নিকাণ্ডৰ কথা জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা চলায় যদিও ট্ৰেভেলাৰখন সম্পূৰ্ণৰূপে জ্বলি শেষ হয় ৷
Published by: Kokil Sarma
FIRST PUBLISHED : April 14, 2021, 18:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।