মুখ্যপৃষ্ঠা »খবৰ »অসম »শিক্ষাগুৰুৰ কুকাণ্ড! বঙাইগাঁৱত অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ

শিক্ষাগুৰুৰ কুকাণ্ড! বঙাইগাঁৱত অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ

অধ্যক্ষজনে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে নৱম শ্ৰেণীৰ ছাত্ৰীএগৰাকীক নিজ কোঠালৈ মাতি নি শ্লীলতা হানিৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

  • Share this:
বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতি৷ ছাত্ৰীক শ্লীলতা হানিৰ অপচেষ্টা চলোৱা বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ৷ বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তমচেৰ আলী আহমেদৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷

অধ্যক্ষজনে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে নৱম শ্ৰেণীৰ ছাত্ৰীএগৰাকীক নিজ কোঠালৈ মাতি নি শ্লীলতা হানিৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ঘটনা ৰাষ্ট্ৰ হোৱাৰ পিছত অঞ্চলজুৰি উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয় ৷

ৰাইজৰ ৰোষত পৰাৰ ভয়তে অভিযুক্ত অধ্যক্ষজনে পলায়ন কৰে যদিও আৰক্ষীয়ে জব্দ কৰে তমচেৰ আলী আহমেদৰ চাৰিচকীয়া বাহন৷ পলাতক শিক্ষকজনক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজে ঘেৰাও কৰে বিদ্যাপুৰ আৰক্ষী চকী৷ জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ উপস্থিত হৈ অভিযুক্তক কৰায়ত্ত কৰাৰ আশ্বাস দিয়ে৷

শেহতীয়া বাতৰি