Bongaigaon Road Accident: বঙাইগাঁৱত পথ দুৰ্ঘটনাত আহত ছয় জনতকৈ অধিক যাত্ৰী। বঙাইগাঁৱৰ বইটামাৰীত ৩খন গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়। আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
Bongaigaon Road Accident: বঙাইগাঁৱত পথ দুৰ্ঘটনাত আহত ছয় জনতকৈ অধিক যাত্ৰী। বঙাইগাঁৱৰ বইটামাৰীত ৩খন গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়। আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
বঙাইগাঁৱৰ বইটামাৰীত ৩খন গাড়ীৰ মুখামুখি সংঘৰ্ষ। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 01G 7185 নম্বৰৰ SAHANAZ নামৰ ULTRA যাত্ৰীবাহী বাছ আৰু বইটামাৰী অভিমুখে গৈ থকা ML 05Q 9664 নম্বৰৰ CRETA আৰু AS 18AC 0327 নম্বৰৰ ব্ৰয়লাৰ কঢ়িওৱা বলেৰো পিকআপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।
এই দুৰ্ঘটনাত প্ৰায় ৬ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে । আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলায় । বলেৰো পিক আপ ভেনৰ চালকগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|