মুখ্যপৃষ্ঠা »খবৰ »অসম »বঙাইগাঁও প্ৰেছ ক্নাব আৰু জিলা পৰিবহন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ ! ৰাজপথত চলাচল কৰা বাহনৰ পৰা আঁতৰ কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা ...

বঙাইগাঁও প্ৰেছ ক্নাব আৰু জিলা পৰিবহন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ ! ৰাজপথত চলাচল কৰা বাহনৰ পৰা আঁতৰ কৰা হ'ল ৰাষ্ট্ৰীয় পতাকা ...

বঙাইগাঁও প্ৰেছ ক্নাব আৰু জিলা পৰিবহন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ ৷ জাতীয় পতাকাৰ স্বকীয়তা - মৰ্যাদা ৰক্ষাৰ আহ্বানৰে ৰাজপথত নামিল সাংবাদিক আৰু পৰিবহন বিষয়া-কৰ্মচাৰী ৷ 

  • Share this:
দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ ফলত উলহ মালহৰে এইবেলি আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হয় ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ৰাজহুৱা স্থানৰ লগতে যান বাহনত আৰি দিয়া হৈছিল ৰাষ্ট্ৰীয় পতাকা ৷

স্বাধীনতা দিৱস পাৰ হৈ গ’ল যদিও বৰ্তমান লৈ পতাকা সমুহ উৰি থকা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ যান বাহন আদিত আজিও আছে ৰাষ্ট্ৰীয় পতাকা ৷ যাৰ বাবে জাতীয় পতাকাৰ স্বকীয়তা - মৰ্যাদা ৰক্ষাৰ আহ্বানৰে বঙাইগাঁৱৰ ৰাজপথলৈ ওলাই আহিল সাংবাদিক আৰু জিলা পৰিবহন বিভাগৰ বিষয়া - কৰ্মচাৰী ৷ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু জিলা পৰিবহন বিভাগৰ যৌথ প্ৰচেষ্টাত ৰাজপথত চলাচল কৰা বাহনসমুহৰ পৰা ৰাষ্ট্ৰীয় পতাকাসমুহ আঁতৰাই নিয়ে ৷ যান বাহনৰ চালকক ৰাষ্ট্ৰীয় পতাকাসমুহ নিজ বাহনৰ পৰা আতৰাই নিয়াৰ বাবে আহ্বান জনোৱাৰ পিছতে চালকে স্ব ইচ্ছাই পতাকাসমুহ খুলি দিয়া দেখা যায় ৷ কাৰ্যসূচীত জিলা পৰিবহন বিষয়া দ্বীপজ্যোতি নেওগৰ লগতে বিষয়া - কৰ্মচাৰী আৰু জিলা সদৰৰ সাংবাদিক সকলে এই সজাগতামুলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

শেহতীয়া বাতৰি