বঙাইগাঁৱত গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ বিষয়া৷ গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকী চন্দা সন্দিকৈ৷ অভয়াপুৰীস্থিত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ বৰবাবু চন্দা সন্দিকৈ।
প্ৰায় এপষেক ধৰি আত্মগোপন কৰি আছিল চন্দা সন্দিকৈয়ে। গুৱাহাটীৰ পৰা বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। ২৬ জুলাইত অভয়াপুৰী আৰক্ষী থানাত উত্তৰ শালমাৰাৰ মহকুমাধিপতি পাৰ্থসাৰথি জহৰীয়ে ৰুজু কৰিছিল এক গোচৰ।
চন্দা সন্দিকৈৰ বিৰুদ্ধে আছিল উৎকোচ লোৱাৰ অভিযোগ। গুৱাহাটী পলিক্লিনিকৰ পৰা সন্দিকৈক গ্ৰেপ্তাৰ কৰি আনিলে অভয়াপুৰী থানাৰ আৰক্ষীয়ে। অৱসৰপ্ৰাপ্ত শিক্ষকৰ পেঞ্চনৰ কাম কৰি দিয়াৰ নামত ধন লোৱাৰ অভিযোগ কৰি উত্তৰ শালমাৰা মহকুমা শিক্ষক সন্মিলনীয়ে উপায়ুক্তক লিখিতভাৱে প্ৰমাণসহ অভিযোগ দাখিল কৰিছিল। তদন্তৰ সময়ত আন ৭ গৰাকী শিক্ষকেও সাক্ষ্যদান কৰিছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 08, 2021, 10:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।