চিৰাঙৰ বিজনীত পৰস্ত্ৰীক পলুৱাই নিবলৈ আহি ৰঙাঘৰৰ আলহী হ’বলগা হ’ল বিহাৰৰ এজন যুৱক। এগৰাকী মহিলাৰ সৈতে প্ৰেমত হাবুডুবু খাই বিহাৰৰ পৰা আহি হাতত হেণ্ডকাফ পিন্ধিবলগীয়া হ’ল যুৱকজনে।
যুৱকজনৰ নাম গণপতি কুমাৰ। স্বামীৰ সৈতে একেলগে গুজৰাটত কাম কৰিবলৈ গৈ চিনাকি হৈছিল দুটি সন্তানৰ মহিলাগৰাকীৰ সৈতে। তেতিয়াৰে পৰা দুয়োৰে মাজত গোপন প্ৰেম। দুয়োৰে প্ৰেমে অতিক্ৰম কৰিলে ৫টা বছৰ। স্বামীৰ অলক্ষিতে মহিলাগৰাকীয়ে চলাই গৈছিল গোপন প্ৰেম।
কিছুদিন পূৰ্বে আত্মীয়ৰ বিয়া খাবলৈ স্বামীৰ সৈতে গুজৰাটৰ পৰা ঘৰলৈ আহিল মহিলাগৰাকী। প্ৰেমিকা যেতিয়া ঘৰ পালেহি, প্ৰেমিকনো গুজৰাটত থাকে কেনেকৈ? পিছে পিছে আহিল প্ৰেমিক গণপতি, উদ্দেশ্য মহিলাগৰাকীক পলুৱাই নিব। কিন্তু সেইখিনিতে ভুল কৰিলে গণপতিয়ে।
প্ৰেমিকাৰ চোতালত উপস্থিত হৈ গণপতিয়ে দেখিলে – কথা বিপৰীত। ভাবিছিল প্ৰেমিকাক অকলে লগ পাব, পলুৱাই নিব। কিন্তু লগ পালে গাঁৱৰ ৰাইজক, আৰক্ষীক। ৰাইজে যুৱকজনক ৰছীৰে বান্ধি খবৰ দিলে আৰক্ষীক। কেইজনমানে দুই–এচৰ সোধালেও। প্ৰেমিকাৰ সৈতে সুখৰ সংসাৰৰ ৰঙীন সপোন দেখা গণপতি এতিয়া ৰঙাঘৰত। মনো ভাঙিল ধনো গ’ল, কি ভাবিছিল কি হ’ল!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|